নিৰ্বাচন আয়োগলৈ একনাথ সিন্ধেৰ পত্ৰ ! শিৱসেনা দলৰ ওপৰত দাবী উত্থাপন

9

নিৰ্বাচন আয়োগলৈ একনাথ সিন্ধেৰ পত্ৰ ! শিৱসেনা দলৰ ওপৰত দাবী উত্থাপন

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধেই বিদ্ৰোহৰ অন্তিম পৰ্যায়ত উপনীত হৈছে । ৪০ গৰাকী বিধায়ককলৈ উদ্ধৱ ঠাকৰে চৰকাৰক শাসনচ্যুত কৰাৰ পিচত এইবাৰ শিৱসেনা দল আৰু শিৱসেনাৰ প্ৰতীকৰ ওপৰত দাবী উত্থাপন কৰিছে সিন্ধেই । ইতিমধ্যে ১২ ৰ পৰা ১৪ গৰাকী সাংসদেও সমৰ্থন আগবঢ়াইছে মুখ্যমন্ত্ৰী একনাথ সিন্ধেক ।
প্ৰতিটো খোজতে একনাথ সিন্ধেই যি ধৰণে সফল হৈছে , তালৈ লক্ষ্য কৰিলে এয়া প্ৰতিয়মান হয় যে , শিৱসেনা দলটো অচিৰেই নিজৰ দখললৈ আনিব একনাথ সিন্ধেই ।
শেহতীয়া ভাৱে শিৱসেনা দলটোৰ ওপৰত নিজৰ দাবী উত্থাপন কৰি নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে । পত্ৰত একনাথ সিন্ধেই উল্লেখ কৰিছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ দ্বাৰা নিযুক্ত National Excutive ভংগ কৰি দিছে একনাথ সিন্ধেই । আৰু নতুন National Excutive গঠন কৰিছে সিন্ধেই । পত্ৰত নিজৰ সংখ্যাগৰিষ্ঠতাৰ কথাও উল্লেখ কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

National Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here