Saturday, March 25, 2023
HomeAssameseনিৰাপত্তাজনিত এখন গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ

নিৰাপত্তাজনিত এখন গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ

নিৰাপত্তাজনিত এখন গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ

বুধবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা জনতা ভৱনত স্বাধীনতা দিৱসৰ ৭৫ সংখ্যক উদযাপন সন্দৰ্ভত নিৰাপত্তাজনিত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’য়। বৈঠকত মুখ্যমন্ত্রী গৰাকীয়ে সংশ্লিষ্ট সকলো বিষয়াক ৰাষ্ট্ৰীয়তাবাদ আৰু দেশপ্ৰেমৰ মনোভাৱ জগাই তুলিব ধৰিব পৰাকৈ এই ৭৫ বছৰীয়া উদযাপন কাৰ্যসূচীৰ এক ৰূপৰেখা প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। তিনিদিনীয়াকৈ উদযাপন হ’বলগীয়া স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তিৰ অনুষ্ঠানত সকলো স্তৰৰ জনসাধাৰণক জড়িত কৰি সমগ্ৰ কাৰ্যসূচীক সাফল্যমণ্ডিত কৰি তোলাৰ পোষকতা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ। মুখ্যমন্ত্রী গৰাকীয়ে মন্তব্য কৰে যে ১৪ আগষ্টৰ পৰা ১৬ আগষ্টলৈকে অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানৰ পৰিকল্পনাৰ ক্ষেত্ৰত এনে পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজনীয় যাতে নৱপ্ৰজন্মই আমাৰ বৰ্ণিল ঐতিহ্য আৰু স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক ৰোমন্থন কৰিব পাৰে। স্বাধীনতা দিৱসৰ এই উদযাপন কাৰ্যসূচীত যিকোনো সমাজবিৰোধী শক্তিৰ কুটিল প্ৰচেষ্টা প্ৰতিহত কৰিবলৈ নিৰাপত্তা প্ৰশাসনক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ উক্ত বৈঠকখনৰ জৰিয়তে নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্রী গৰাকীয়ে য’ত কাৰ্যসূচীৰ সময়চোৱাত আৰক্ষী, সেনা বাহিনী আৰু বায়ুসেনাই প্ৰদৰ্শন কৰিব তেওঁলোকৰ বিভিন্ন অনুষ্ঠান।

News Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments