নিয়ন্ত্ৰণ হেৰুৱাই অ’ল্ট দুৰ্ঘটনা গ্ৰস্থ ! নিহত চালক ! আহত ৩

0
991

                                  ভাৰতীয় ৰেলৰ পৰীক্ষা দি ত্রিপুৰালৈ ওভতাৰ পথত ৰবিবাৰে পুৱা শিলচৰৰ পৰা ত্রিপুৰা অভিমুখী এখন যাত্রী‌বা‌হি অল্ট কাৰ নিয়ন্ত্রণ হেৰুৱাই কৰিমগঞ্জৰ বাজাৰিছড়াৰ সলগই শিৱ মন্দিৰৰ  পথৰ সমীপৰ নি‌র্মিয়মান নলাৰ ভিতৰ সোমাই যায় । তিন ছাত্র  গুৰুতৰ বাবে আঘাতপ্ৰাপ্ত হ‌য় । বর্তমা‌ন চিলং নি‌গ্রিমচ হাচপতা‌লত চি‌কিৎসা‌ধীন ব‌লে জনা গৈছে।  প্রাপ্ত খব‌ৰ  মতে  বাজা‌ৰিছড়া থানাৰ এচআই কি‌ৰিটি দত্তই দলবল ঘটনাস্থলীত উপস্থিত হৈ মৃত চাল‌কৰ মৃত‌দেহ উদ্ধাৰ ক‌ৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ক‌ৰিমগঞ্জ চিভিল হাচপাতা‌ললৈ প্রেৰণ ক‌ৰে। মৃত চাল‌কৰ নাম গৌতম দেব( ২২ )‌ ।  ত্রিপুৰা ৰাজ্যৰ উন‌ক‌টি জিলাৰ কুমাৰঘাটৰ  গকুলনগৰ গাওঁ‌ৰ বাসিন্দা আছিল চালকজন । একে গাওঁ‌ৰে  আহত দু জন অভিজিত দাস আৰু ভৱতোষ দাস। আনজন আহত যাত্ৰীৰ নাম জানিব পৰা হোৱা নাই ।

প্রদীপ্ত পুৰকায়স্থ, কাটিগড়া,Ne india 

LEAVE A REPLY

Please enter your comment!
Please enter your name here