নিষিদ্ধ হ’ল একক ব্যৱহাৰযোগ্য প্লাষ্টিক
সমগ্ৰ ভাৰতবৰ্ষত ১ জুলাইৰ পৰা নিষিদ্ধ কৰা হৈছে একক ব্যৱহাৰযোগ্য প্লাষ্টিক। ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে পূৰ্বে এই নিষেধাজ্ঞা জাৰি কৰি কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদক কাৰ্যকৰীকৰণব বাবে দায়িত্ব প্ৰদান কৰিছিল। আৰু সেই মৰ্মে নিৰ্দেশনা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডক এক নিৰ্দেশনা ১ জুলাইৰ পৰা কাৰ্যকৰী কৰাৰ নিৰ্দেশ প্ৰদান কৰে। কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু মন্ত্ৰালয়ে ১৯ বিধ প্লাষ্টিক জাতীয় সামগ্রী ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে। তাৰে ভিতৰত প্লাষ্টিকৰ পতাকা, চামুছ, কাঁটা চামুছ, কাপ-প্লেট, ট্ৰে, ছুৰী, আমন্ত্ৰণিপত্ৰ, এয়াৰ বাড, বেলুনত ব্যৱহাৰ কৰা প্লাষ্টিক ষ্টীক, চকলেটৰ ঠাৰি, আইচক্ৰীমৰ ঠাৰি, থাৰ্ম’কল প্লেট, মিঠাইৰ টোপোলাত মেৰিওৱা বা টোপোলা বন্ধা কাগজ, ষ্ট্ৰ, চিগাৰেট পেকেট ইত্যাদিৰ উপৰিও ব্যৱহাৰ কৰিব নোৱাৰিব ১০০ মাইক্ৰ’নছতকৈ কম প্লাষ্টিকৰ সামগ্ৰী আৰু পিভিচি বেনাৰ।
সমগ্ৰ দেশৰ লগতে অসমতো কঠোৰ ভাৱে পালন কৰা হৈছে এই নিষেধাজ্ঞা। প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা বিধি, ২০২১-ৰ অধীনত বলৱৎ কৰা নিষেধাজ্ঞা অনুসৰি সৌন্দর্য বৰ্ধনৰ কামতো ব্যৱহাৰ কৰিব নোৱাৰিব থাৰ্ম’কল। এই সন্দৰ্ভত দোকানী, প্লাষ্টিক সামগ্ৰীৰ পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলক জাননী জাৰি কৰা হৈছে। অসমৰ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে কঠোৰ ভাৱে পালন কৰিছে এই নিৰ্দেশনা। অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে এই ক্ষেত্রত ১ জুলাইৰ পৰা ৩০ জুলাইলৈ বিশাল সজাগতা অভিযান হাতত লৈছে বুলি জানিবলৈ দিয়ে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰই। প্লাষ্টিক উৎপাদক, বিতৰক অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নিৰ্দেশনা অমান্য কৰিলে ৭ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে ১ লাখ টকা জৰিমনাও ভৰিব লাগিব। আৰু এই নিৰ্দেশনা কাৰ্যকৰী কৰাৰ ক্ষেত্রত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে Task Force গঠন কৰিব বুলি জানিব দিয়ে।
News Desk, Ne India News