নিশা গুৱাহাটীৰ পৰা বিদায় ল’ব একনাথ সিন্ধে সহ বিসম্বাদী বিধায়কৰ দল

7

নিশা গুৱাহাটীৰ পৰা বিদায় ল’ব একনাথ সিন্ধে সহ বিসম্বাদী বিধায়কৰ দল

আজি অৰ্থাৎ ২৯ জুন বুধবাৰে বিয়লি উচ্চতম ন্যায়ালয়ত নিৰ্ণয় হ’ব মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ভৱিষ্যৎ। বিয়লি ৫ বজাত উচ্চতম ন্যায়ালয়ে গ্রহণ কৰিব শুনানি। মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ সিদ্ধান্তৰ বিৰুদ্ধে শিৱসেনাৰ দলৰ উচ্চতম ন্যায়ালয়ত জনায় আবেদন। ৰাজ্যপালে উদ্ধৱ থাকৰেক ৩০ জুনৰ ভিতৰত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ নির্দেশনা প্রদান কৰিছিল। ৰাজ্যপালৰ এই নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে শিৱসেনাই। আৰু উচ্চতম ন্যায়ালয়ে ইয়াৰ বিৰুদ্ধে শিৱসেনাৰ আবেদনৰ শুনানি গ্রহণ কৰিব বুধবাৰে বিয়লি ৫ বজাত। যাৰ ফলত নিৰ্ণয় হ’ব মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ভৱিষ্যৎ।
বিগত ২২ জুনৰ পৰা গুৱাহাটীত বাহৰ পাতি থকা বিসম্বাদী দলটোৰ বিধায়ক সহ একনাথ সিন্ধে নিলাচলৰ বুকুত উপস্থিত হৈ মা কামাখ্যাৰ দৰ্শন কৰে। ইয়াত উপস্থিত হৈ একনাথ সিন্ধেই ৫০ জন বিধায়কৰ সমৰ্থন থকা বুলি দাবী কৰে। লগতে একনাথ সিন্ধেই বুধবাৰে মুখ্যমন্ত্রী বান সাহায্য পুঁজিলৈ ৫১ লাখ টকা আগবঢ়ায়।
উল্লেখনীয় বিষয় যে গুৱাহাটীত বাহৰ পাতি থকা বিসম্বাদী দলটোৰ বিধায়ক সকল আৰু একনাথ সিন্ধে বুধবাৰে ৰাতি ৮ বজাত গোৱালৈ বুলি ৰাওনা হ’ব। আৰু গোৱাৰ পৰা বৃহস্পতিবাৰে পুৱা মুম্বাইত উপস্থিত হৈ অংশ ল’ব ফ্লোৰ টেষ্টত।

News Desk, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here