নিশা আমিনগাঁৱত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি.নাড্ডাই অংশ ললে গুৰুত্বপূৰ্ণ বৈঠকত

0
91

নিশা আমিনগাঁৱত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি.নাড্ডাই অংশ ললে গুৰুত্বপূৰ্ণ বৈঠকত

২০২১ বিধানসভা নিৰ্বাচন সমাগত।প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে ৰণ নীতি ,ৰণ কৌশল।২০২১ বিধানসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ উদ্দেশ্যে গুৱাহাটীৰ আমিনগাওঁস্থিত লোকনিৰ্মাণ আয়োগৰ অতিথি শালাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি.নাড্ডা ডাঙৰীয়াৰ সৈতে মাৰাথান বৈঠকত অংশ গ্ৰহণ কৰে।
এই বৈঠকত‌ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা, মাননীয় ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি.এল. সন্তোষ ডাঙৰীয়াকে ধৰি দলৰ বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে ৷

দলীয় সাংগঠনিক দিশ সম্পৰ্কত বিশদ ভাবে আলোচনা হোৱা এই সভাত মাননীয় জে.পি নাড্ডাই কাৰ্যকৰ্তা সকলক বিভিন্ন বিষয়ত দিহা-পৰামৰ্শ আগবঢ়ায় ৷
News Desk Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here