নিশা আকাশৰ পৰা টিনৰ চালি ফুটা কৰি ঘৰৰ ভিতৰত সোমাল বিস্ফোৰক সামগ্ৰী – এজন আহত

0
1034

 

নিশা আকাশৰ পৰা টিনৰ চালি ফুটা কৰি ঘৰৰ ভিতৰত সোমাল বিস্ফোৰক সামগ্ৰী – এজন আহত

দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত চকৰাগাঁও – বিলপাৰ গাঁৱৰ  এঘৰত  যোৱা নিশা ১১,৩০ বজাত পৰিয়ালৰ লোক শুই থকা অৱস্থাত  আকাশৰ পৰা  ঘৰৰ টিনৰ চালি ফুটা কৰি গুলি সদৃশ  বিস্ফোৰক  সামগ্ৰী পৰি  এজনী কিশোৰী আহত হোৱা ঘটনাই  পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোৰ ৰাইজক আতংকিত কৰি তোলে ৷ যোৱা নিশা চন্দ্ৰ গ্ৰহণৰ  সময়তে গাঁও খনৰ সচিন সিংহৰ ঘৰৰ ভিতৰত বিস্ফোৰক সামগ্ৰীটো পৰি ধোৱাময় পৰিবেশ সৃষ্টি কৰাৰ  লগতে   জুইৰ ফিৰিঙতি চিটিকি গৈ কিশোৰী এজনীৰ হাতত জখম হয় ৷ লগে লগে পৰিয়ালৰ সদস্য সকলে চিঞৰ বাখৰ লগোৱাত ওচৰ চুবুৰীয়া আহি ঘৰত উপস্থিত হয় আৰু আতংকিত হৈ পৰে ৷ পিছত একো সুংসূত্ৰ উলিয়াব নোৱাৰি থানাত খবৰ দিয়ে পৰিয়ালটোৱে ৷দলগাঁও আৰক্ষী ঘটনাস্থলীৰ উপস্থিত হৈ এই বিস্ফোৰক সামগ্ৰীটো থানালৈ নিয়ে । গুলি সদৃশ বিস্ফোৰক সামগ্ৰী  কেনেকৈ আৰু ক’ৰ পৰা আহিলে বিচাৰি উলিয়াবলৈ ৰাইজে আৰক্ষীক  দাবী জনাইছে ।

আব্দুল হাকিম ,খাৰুপেটীয়া Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here