নিজ গৃহলৈ হিমা 

0
1671
NEWS DESK NEINDIA: জাকাৰ্টাত এটা সোণৰ লগতে দুটাকৈ ৰূপৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা স্বৰ্ণ কন্যা হিমা দাস মঙ্গলবাৰে নিজ গৃহভূমি নগাঁওলৈ যাত্ৰা কৰিছে ৷ৰহাত স্বৰ্ণ কন্যা হিমাক উষ্ম আদৰণি জনায় বিশাল শোভাযাত্ৰাৰে ৷জাকাৰ্টাত বিশ্ব জয় কৰি  অহাৰ পাছত হিমাৰ এইয়া প্ৰথমবাৰৰ বাবে গৃহভূমিলৈ যাত্ৰা কৰিছে৷হিমাক ৰহাৰ চাৰিআলিত বিভিন্ন দল-সংগঠনৰ শ শ লোকে অভিনন্দন জ্ঞাপন কৰে।হিমাৰ আগমনে বৰ্তমান উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ৰহাত। ৰহাৰ জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত সত্যজিত চেতিয়াই আদৰণি জনাই ধিং এক্সপ্ৰেছ খ্যাত হিমাক।ৰহা আঞ্চলিক ছাত্ৰ সন্থা, ৰহা শাখা সাহিত্য,এ জে ৱাই চি পিকে ধৰি বহু দল-সংগঠনেও অভিনন্দন জনালে অসমৰ লগতে ভাৰতৰ গৌৰৱ হিম দাসক৷কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে গামোচা পিন্ধা সম্বৰ্ধনা জনালে এছিয়ান গেম্ছত স্বৰ্ণ জয় কৰা হিমাক। মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক শিলাদিত্য দেৱ, ৰূপক শৰ্মাৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে হিমাৰ সম্বৰ্ধনা অনুষ্ঠানত ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here