নিজক জীৱিত বুলি প্ৰমাণ কৰিবলৈ ডিঙিত আৰিবলগীয়া হল বেনাৰ

11

নিজক জীৱিত বুলি প্ৰমাণ কৰিবলৈ ডিঙিত আৰিবলগীয়া হল বেনাৰ

সৱকা সাথ, সৱকা বিকাশ , সৱকা বিশ্বাস , দুৰ্নীতিৰ বিৰুদ্ধে জিৰো টলাৰেঞ্চ এইবোৰ এতিয়া মাথো কেইটামান ভাল লগা শব্দ । এই শব্দবোৰ আওৰাই আমি মাথো নিজকে প্ৰবোদ দিওঁ‌ , আমাৰ মহান ভাৰত বিশ্বগুৰু হবলৈ আগবাঢ়িছে ।
কিন্ত বাস্তৱ ছবিখন সম্পুৰ্ণ ওলোটা । দুৰ্নীতিৰ বিৰুদ্ধে জিৰো টলাৰেঞ্চৰ নীতি ধোৱাঁ‌ চাঙত তুলি থৈ এতিয়াও চৰকাৰী কাৰ্যলয় একাংশত চলি আহিছে উপঢৌকন লোৱাৰ খেল ।
নেতা সকলে সৱকা বিকাশ ,সৱকা বিশ্বাস শ্লোগাণ ঠিকেই আওৰাই আহিছে । কিন্ত বিকাশ হৈছে জানো সকলোৰে ??
আৰু সৱকা বিশ্বাস ? এতিয়া ওলোটাই নিজে জীয়াই আছো বিযয়া আমোলাক বিশ্বাস দিয়াবলৈ ডিঙিত বেনাৰ ওলোমাই কব লগা হৈছে ” চাহাব মেই জিন্দা হু “।
অলপতে এনে এক ঘটনা চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
প্ৰাক্তন গাওঁ‌ পঞ্চায়তৰ সভাপতিয়ে বৃদ্ধ পেঞ্চনৰ বাবে ৫০০ টকা ঘোচ নিদিয়াৰ বাবে ৬ বৃদ্ধ বৃদ্ধাক নথি পত্ৰত মৃত বুলি দেখুৱালে । তাৰ পিচতে এই ৬ বৃদ্ধ বৃদ্ধাৰ পেঞ্চন হৈ পৰিল বন্ধ । তাৰপিচত ইটোৰ পিচত সিটো কাৰ্যলয়ত অনুনয় বিনয় কৰিও বৃদ্ধ পেঞ্চন নেপালে । নিজকে জীৱিত বুলি প্ৰমাণ কৰাত ব্যৰ্থ হল এই দুৰ্ভগীয়া লোক কেইগৰাকী ।
অৱশেষত নিজকে জীৱিত বুলি প্ৰমাণ কৰিবলৈ এক আচৰিত কাৰ্য কৰিলে । জিলা ন্যায়ধিশৰ কাৰ্যলয়ত ‘ চাহাব অভি মেই জিন্দা হু ‘ লিখা বেনাৰ লৈ উপস্থিত হল ।
ঘটনা পষ্টুৰ নামৰ গাওঁ‌খনৰ । বেনাৰ প্ৰদৰ্শন কৰি নিজকে জীৱিত বুলি প্ৰমাণ দিয়া লোকসকলৰ প্ৰমাণত জিলা ন্যায়ধিশ সন্তুষ্ট হল নে নাই জানিব পৰা হোৱা নাই । একবিংশ শতিকাৰ ভাৰতৰ এয়াই বিড়ম্বনা যে নিজকে জীৱিত বুলি প্ৰমাণ দিবলৈও বুকুত বেনাৰ আৰি লব লগা হৈছে । বিশ্ব গুৰু হবলৈ আগবঢ়া ভাৰতৰ গাওঁ‌ অঞ্চলৰ এই ৰুপে সচেতন লোকৰ চকু কপালত তুলিছে ।

News Bureau, Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here