নিচা মুক্ত ত্ৰিপুৰা গঢ়াৰ আহব্বান মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৰ 

0
1066

 

 

নিচা মুক্ত ত্ৰিপুৰা গঢ়াৰ আহব্বান মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৰ 
জিলাই জিলাই অব্যাহত প্ৰশাসনিক বৈঠক
সোমবাৰে উত্তৰ উনকোটি জিলাৰ প্ৰশাসনিক বিযয়াৰে বৈঠকত মিলিত হল ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দে । ত্ৰিপুৰাক নিচা মুক্ত ৰাজ্য হিচাপে গঢ়াৰ দিশত আলোচনা চলিল ।
কিন্ত নিচামুক্ত ত্ৰিপুৰা শ্লোগান কিমান দুৰ বাস্তৱায়িত কৰিবলৈ সক্ষম হব চৰকাৰে । আৰক্ষী সস্তম নহলে এই শ্লোগান বিফল হব । বিগত বাওঁ‌ চৰকাৰৰ সময়ত চোৰাং কাৰবাৰীৰে আৰক্ষীৰ মধুৰ সম্পৰ্কৰ অভিযোগ উঠিছিল । তেনে অভিযোগ সমুহৰ বাবে ত্ৰিপুৰা আৰক্ষী আজিও জনতাৰ চকুত কলংকিত ।
আৰক্ষী প্ৰশাসনৰ হেৰোৱা ইমেজ ঘুৰাই আনিবলৈ তৎপৰ হৈছে , বৰ্তমানৰ বিজেপি চৰকাৰ । আৰক্ষীক জনতাৰ কাষ চপাই নিবলৈ প্ৰচেষ্টা চলাইছে বিপ্লৱ কুমাৰ দেৰ চৰকাৰে । সেয়ে প্ৰতিখন জিলাৰ প্ৰশাসনৰে আলোচনা অনুষ্টিত কৰিছে । প্ৰশাসনিক স্বচ্চতা আৰু নিচামুক্ত ত্ৰিপুৰাৰ বাৰ্তা প্ৰেৰণৰ চেষ্টা চলাইছে ।
উত্তৰ উনকোটিত জিলা প্ৰশাসনৰে মুখ্যমন্ত্ৰীৰ বৈঠকৰ পিচতে আৰক্ষীৰ তৎপৰতা পৰিলক্ষিত হল । কদমতলা আৰক্ষী থানাৰ অন্তৰ্গত ইচাই লালছডাত এটা চোৰাং কাৰবাৰীক কৰায়ত্ব কৰে আৰক্ষীয়ে । বাইক আৰোহী চোৰাংকাৰবাৰী টোৱে বহু পৰিমাণৰ নিচাযুক্ত সামগ্ৰী কঢ়িয়াই আনিছিল । আৰক্ষীৰ অভিযান ত চোৰাং কাৰবাৰীটো পলায় যাবলৈ সক্ষম হয় ।  অভিযানটোৰ নেতৃত্ব দিছিল উত্তৰ জিলাৰ ডি আই ভি ডি এচপি য়ে ।

https://youtu.be/-Hru7F8MBBA?t=4

(প্ৰণত কুমাৰ চান্দ , ত্ৰিপুৰা Ne india)

LEAVE A REPLY

Please enter your comment!
Please enter your name here