Tuesday, March 28, 2023
HomeAssameseনামঘৰত নাম-কীৰ্তনেৰে সতী ৰাধিকা স্মৃতি দিৱস পালন কৰিলে অনুসূচীত জাতি মৰ্চাই

নামঘৰত নাম-কীৰ্তনেৰে সতী ৰাধিকা স্মৃতি দিৱস পালন কৰিলে অনুসূচীত জাতি মৰ্চাই

শংকৰী যুগতেই জাতিবাদ আৰু অস্পৃশ্যতাবাদৰ বিৰুদ্ধে থিয় দিবলৈ সক্ষম হৈছিল অসমৰ কৈৱৰ্ত কোলত জন্মগ্ৰহণ কৰা এগৰাকী নাৰী, যাক জগতগুৰু শংকৰদেৱে সতী হিচাপে স্বীকৃতি দি গৈছে। সতী ৰাধিকা হ’ল সংস্কাৰমুখী অসমীয়া সমাজখনৰ বাবে এক আদৰ্শ। সতী ৰাধিকাই এক আলৌকিকতাৰে নিজা গুণ আৰু কৰ্মৰ জৰিয়তে সমগ্ৰ অসমৰ ধৰ্মীয় সমাজখনক এক উচিত শিক্ষা দি গৈছিল। আজি অসমৰ কৈৱৰ্ত্ত জাতি বসতি প্ৰধান অঞ্চল সমূহত শান্তি সতী ৰাধিকাক সুঁৱৰি পালন কৰিছে স্মৃতি দিৱস। তাৰ সমান্তৰালভাবে তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ ফিল’বাৰী শীতলপুৰ টিংখাং নামঘৰত নাম-কীৰ্তন কৰি ভাৰতীয় জনতা পাৰ্টী , অনুসূচীত জাতি মার্চা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত সতী ৰাধিকাক সুঁৱৰি স্মৃতি দিৱস পালন কৰা হয়। উক্ত অনুষ্ঠানত উপস্হিত থাকে জিলা অনুসূচীত জাতি মার্চা সভাপতি ধ্ৰুৱজ্যোতি দাস, অনুসূচীত জাতি বৰ্ডৰ উপ-সভাপতি প্ৰশান্ত দাস, বিজেপি কাকপথাৰ মণ্ডলৰ সাধাৰণ সম্পাদক বুল শইকীয়া, অনুসূচীত জাতি কাকপথাৰ মণ্ডলৰ সভাপতি কল্যান দাসকে প্ৰমুখ্য কৰি বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া ,Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments