নাবালক শিশুক দুবছৰে নিৰ্যাতন চলোৱাৰ অভিযোগ এটি পৰিয়ালৰ বিৰুদ্ধে
তিনিচুকীয়াৰ পৰ্বতীয়া স্থিত চিতা ৰাম পাটোৱাৰী নামৰ লোকগৰাকীৰ পৰিয়ালয়ৰ লোকে ঘৰতে আবদ্ধ কৰি সুৰজ নাগ নামৰ ১২বছৰীয়া শিশুটোক মাৰধৰ কৰাৰ অভিযোগ তিনিচুকীয়া জিলাৰ আটছাৰ ।
প্ৰাণৰ ভয়ত উক্ত শিশুটোৱে উক্ত ঠাইৰ পৰা পলায়ন কৰাত শিশুটিৰ পৰিয়ালৰ লোকে চিতাৰাম পাটোৱাৰী ঘৰত আহি এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে । মাকুমৰ খুচবু নামৰ এগৰাকী যুৱতীয়ে উক্ত শিশুটোক বৰ বজাৰ এখন দোকানত লুকুৱাই ৰখাৰ অভিযোগ স্বীকাৰ কৰে খুচবু নামৰ যুৱতী য়ে ।

পাছত সুৰজ নাগৰ পৰিয়ালে এই সন্দৰ্ভত আৰক্ষীক সমগ্ৰ ঘটনা জনোৱাত আৰক্ষীয়ে উক্ত দোকান খনৰ পৰা শিশুটোক উদ্ধাৰ কৰে । এই সমগ্ৰ ঘটনা আটচা তিনিচুকীয়া জিলা সমিতিয়ে গৰিহণা জনাই চিতাৰাম পাটোৱাৰীৰ পৰিয়ালয়ৰ বিৰুদ্ধে তিনিচুকীয়া সদৰ আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰি পৰিয়ালটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় । তিনিচুকীয়া জিলাত শ্ৰমিক আইন উলংঘা কৰি বহু লোকে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত এনেদৰে নিৰীহ শিশুক নিৰ্যাতন চলাই আহিছে এইক্ষেত্ৰত প্ৰশাসন আৰু শিশু সুৰক্ষা নামৰ বিভাগটোক এনেধৰণৰ লোকৰ ওপৰত আইনগত ব্যৱস্থা লবলৈ দাবী জনায় আটচা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জগত নায়কে ।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News