নাছাৰ মানচিত্ৰই উদঙালে আশ্চৰ্যজনক তথ্য

7

নাছাৰ মানচিত্ৰই উদঙালে আশ্চৰ্যজনক তথ্য

২০২২ বৰ্ষই বিশ্বৰ বহু বছৰৰ ৰেকর্ড ভংগ কৰি জুন আৰু জুলাই মাহত দুটাত বৃদ্ধি পোৱা তাপমাত্রাই ইউৰোপ, উত্তৰ আফ্রিকা, মধ্য প্রাচ্য আৰু এছিয়াৰ বহুতো দেশৰ বাবে এই সময়ছোৱা কষ্টকৰ হিচাপে পৰিগণিত হৈছে। য’ত তাপমাত্রা ৪০° চেলচিয়াছ অতিক্ৰম কৰিছে। গডাৰ্ড আৰ্থ অবজাৰ্ভিং চিষ্টেম চমুকৈ জিইঅ’এছ গোলকীয় মডেলৰ এটা সংস্কৰণত পোৱা পৰ্যবেক্ষণবোৰ একত্ৰিত কৰি সৃষ্টি কৰা হৈছে এক মানচিত্ৰ, যি বায়ুমণ্ডলত ভৌতিক প্ৰক্ৰিয়াবোৰ প্ৰতিনিধিত্ব কৰিবলৈ গাণিতিক সমীকৰণ ব্যৱহাৰ কৰে। ১৩ জুলাই ২০২২ তাৰিখে নাছাই প্ৰকাশ কৰা এই মানচিত্ৰখনত পূব গোলাৰ্ধৰ বেছিভাগ অংশত পৃষ্ঠৰ বায়ুৰ তাপমাত্রা সলনি হোৱা পৰিলক্ষিত হৈছে। নাছাৰ গডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰৰ গ্লোৱেল মডেলিং এণ্ড এচিমিলেচন অফিচৰ সভাপতি ষ্টিভেন পাওচনে কয় যে বিভিন্ন স্থানত বায়ুমণ্ডলীয় তৰংগৰ স্পষ্ট আৰ্হি দেখা গৈছে। মানচিত্ৰটোৰ ৰঙা ৰঙৰ এলেকাই গৰম আৰু নীলা ৰঙৰ এলেকাই ঠাণ্ডা এলেকা চিহ্নিত কৰিছে। অত্যাধিক গৰম থকা ৰঙা ৰঙৰ বৃহৎ এলেকাবোৰে প্ৰমাণ কৰে যে মানুহে বিয়পোৱা প্ৰদূষণৰ দ্বাৰা বৃদ্ধি পোৱা সেউজগৃহ গেছৰ ফলত তাপমাত্রা অহৰহ বৃদ্ধি হৈ আহিছে আৰু জনজীৱন ধ্বংসৰ দিশে আগবাঢ়িছে। পশ্চিম ইউৰোপত খৰাঙৰ সন্মুখীন হোৱাৰ লগতে পৰ্তুগাল, স্পেইন আৰু ফ্ৰান্সত তীব্র হিটৱেভৰ সন্মুখীন হৈছে। লগতে ৩ জুলাইৰ দিনা ইটালীত অভিলেখ ভংগ কৰা গৰমে ডলোমাইটছৰ মাৰ্মোলাডা হিমবাহৰ এটা অংশ বিচ্ছিন্ন হৈ পৰে। বৰফ আৰু শিলৰ হিমস্খলনত ১১ জন পথচাৰীৰ মৃত্যু ঘটে। আকৌ জুন মাহৰ শেষত ইৰাণত তাপমাত্রা পাৰা ৫২° চেলচিয়াছলৈ উপনীত হৈছিল। আনহতে চীনত বৃদ্ধি পোৱা আৰ্দ্ৰতা আৰু অতিৰিক্ত গৰমৰ ফলত ৰাস্তাবোৰ গলি যোৱাৰ লগতে ঘৰৰ চালিবোৰ ভাগি পৰিছিল।
নাছাই ইতিমধ্যে দুখন মানচিত্ৰ মুকলি কৰিছে য’ত পৃথিৱীৰ মানচিত্ৰ ১৯৭৬ চনৰ পৰা ২০২২ চনলৈ নীলাৰ পৰা ৰঙালৈ বৃহৎ পৰিৱৰ্তন পৰিলক্ষিত হৈছে যিয়ে যোৱা ৪৬ বছৰত পৃথিৱীৰ অৱয়বৰ অৱনতিক সূচাইছে।

News Desk, Ne India News 

LEAVE A REPLY

Please enter your comment!
Please enter your name here