নাগালেণ্ড চৰকাৰক ধিক্কাৰ ! গাওঁ‌‌বাসীক সাক্ষাৎ কৰি অভয় দিলে দিলীপ নুনিছাই

0
305

নাগালেণ্ড চৰকাৰক ধিক্কাৰ !  গাওঁ‌‌বাসীক সাক্ষাৎ কৰি অভয় দিলে দিলীপ নুনিছাই

নাগালিম ইচ্চ্যুক লৈ  এটা সময়ত উত্তপ্ত হৈ উঠিছিল ডিমা হাছাও জিলা। নিজৰ এক ইঞ্চি মাটিও নাগাল্যান্ডক দিয়া নহব বুলি হুংকাৰ দি বৃহৎ আন্দোলন  হৈছিল এই পাহাৰী জিলা ডিমা হাচাওত ।  প্রাণ হেৰুৱাইছিল দুই নিৰীহ যুবকে। ইয়াৰ পিচতে অসম চৰকাৰে যি ঘোষণা কৰিছিল সেয়া কাৰ্যক্ষেত্ৰত ৰুপায়িত নহল। নাগালিম ইচ্চ্যুত অসমৰ এক ইঞ্চি ভুমিও নাগাল্যান্ডক দিয়া হোৱা নাই তথা আগন্তুক দিয় নহব। কিন্ত ঘোষণা  ঘোষনায়ে হৈয়ে থাকিল । প্রশ্ন হঠাৎ  উঠিল কিয়? প্ৰকৃততে জনতাই পাহৰি গৈছিল সেই সমুহ ঘটনা। কিন্তু ডিমা হাচাও জিলাৰ বিভিন্ন সংগঠন তথা  সাধাৰণ নাগৰিক যিয়ে নাগালিম ইচ্চ্যুৰ বিৰোধিতা কৰি আহিছিল বা এতিয়াও কৰি আহিছে তেওঁ‌লোকক আন্ধাৰত ৰাখি  কাৰ্বি আংলং জিলাৰ ৰিলান গাওঁ‌ক নিজৰ গাওঁ‌ বুলি ইতিমধ্যে চৰকাৰী ঘোষণাও কৰি দিলে নাগালেণ্ড চৰকাৰে। নাগালেণ্ডৰ স্বৰাষ্ট্ৰ মন্ত্ৰালয়ৰ চিলমোহৰো লগাই দিছে। কিন্তু এতিয়াও কুম্ভ কৰ্ণ নিদ্ৰাত অসম চৰকাৰ তথা কাৰ্বি আংলং পাৰ্বত্য পৰিষদ।
  আনদিশে, হালালি প্রগ্রেছিভ ৱেয়েলফেয়াৰ  চোচাইটিৰ প্ৰমুখ  দিলীপ নুনিছা ইয়াৰ খবৰ লাভ  কৰিয়েই নাগালেণ্ড চৰকাৰে দখললৈ নিয়া ,  ডিমাছা গাওঁ‌ ৰিলানত উপস্থিত হয় সোমবাৰে।  গাওঁ‌ খন পৰিভ্ৰমণ  কৰি সোমবাৰে  । তেওঁ‌ কয়, অসম-নাগালেণ্ড সীমান্ত ডিমাপুৰৰ দোলদোলি অভয়াৰণ্যৰ দিশাপুৰ নামৰ এখন ডিমাছা গাওঁ‌  আছে। সেই গাওঁ‌খনো ডিমাছা সকলৰ। ৰিলাং গাওঁ‌ক নাগালেণ্ড চৰকাৰে নিজৰ গাওঁ‌ বুলি স্বীকৃতি দাবী কৰিছে।নাগালেণ্ড চৰকাৰে ৰিলান গাওঁ‌ অধিকাৰ কৰি ডিমাছা সকলৰ খেতি-বাতি নষ্ট কৰাৰ লগতে ডিমাছা সকলক তাৰ পৰা খেদি দিয়াৰ হুমকি  দিছে।
দিলীপ নুনিছাই সেই গাওঁ‌ সমুহ পৰ্যবেক্ষণ কৰাৰ পিচতে এই প্রতিবেদকক কয়, সকলোতকৈ দুখৰ বিষয় যে এই কাৰ্বি আংলং জিলাৰ এটি অংশ যাক নাগালেণ্ড চৰকাৰে নিজৰ বুলি দাবী কৰিছে ঠিক সেইসময়তে   কাৰ্বি আংলং পাৰ্বত্য  পৰিষদের CEM য়ে এবাৰো বিষয়টো সন্ধৰ্ভত জনাৰ চেষ্টা নকৰিলে তথা  পৰিষদৰ চি ই এম বা আন কোনো প্ৰতিনিধি সেই গাওঁ‌ সমুহৰ বুজ নললে ।দিলিপ নুনিছাই ধন্যবাদ জনায় NC  হিলch অটোনমাছ কাউন্সিলৰ CEM  দেৱলাল গাড়লোছাৰ ।  যিয়ে নিজে এই ডিমাছা গাওঁ‌ সমুহত উপস্থিত হৈ সকলোকে অভয় দিছিল ।  নুনিছাই স্পষ্ট ভাৱে কয় ,  আমাৰ সীমান্তত চাৰিটা বি ও পি আছে। সেই বি ও পি অসমৰ মাটি ৰক্ষা কৰাত ব্যৰ্থ হৈছে । দিলীপ নুনিছাই  কাৰ্বি আংলং তথা অসম চৰকাৰক বিনম্র অনুৰোধ জনায় কয় , অনুগ্ৰহ কৰি আমাৰ ডিমাছা সকলক নিৰাপত্তা দিয়ক ।
ইন্দ্ৰনীল দত্ত , হাফলং , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here