নাওহলীয়া জালিয়াবস্থীত অইলৰ চুৰি কণ্ডেনচ তেল কঢ়িয়াই নিয়া অটো দূৰ্ঘটনাগ্ৰস্ত
দুলীয়াজান সমীপৰ নাওহলীয়া উপ-আৰক্ষী থানাৰ অন্তৰ্গত জালিয়াবস্থীত অইলৰ চুৰি কণ্ডেনচ তেল কঢ়িয়াই অনা এখন যাএীবাহী AS 04 AC 2532 নম্বাৰৰ অটো দূৰ্ঘটনাত পতিত হয় !
জানিবপৰা মতে অইলৰ চুৰি কণ্ডেনচেট তেল কঢ়িওৱা যাএীবাহী অটোখন দূৰ্ঘটনাগ্ৰস্ত হোৱাত চালকজন অটো এৰি পলায়ন কৰে ! ঘটনা সন্দৰ্ভত নাওহলীয়া আৰক্ষীক খবৰ দিয়াত নাওহলীয়া আৰক্ষীৰ এটা দল ঘটনা স্থলিত উপস্থিত হৈ অইলৰ চুৰি কণ্ডেনচেট তেল প্ৰায় ২০০ লিটাৰ
সহ অটো খন জব্দ কৰি থানালৈ লৈ যায় আৰু তেলচুৰিৰ লগত জড়িত থকা অটো চালক সুৰেন কলিতা নামৰ অটোচালক জনক কৰায়ত্ব কৰিবলৈ অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।
ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News