দুলীয়াজানৰ নাওহলীয়াৰ বৰগুৰি অঞ্চলত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ । বিধায়ক তেৰচ গোৱালাৰ বাসগৃহৰ সমীপৰ এখন দলঙৰ তলত উদ্ধাৰ এগৰাকী মহিলাৰ অৰ্ধগলিত মৃতদেহ । উদ্ধাৰ হোৱা মৃতদেহটো এইপৰ্যন্ত আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই । জানিবপৰা মতে স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খৱৰ দিয়ে । উক্ত খৱৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত অভিযান চলাই মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । শেহতীয়াকৈ আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।
ৰন্টু বৰশইকীয়া , তিনিচুকীয়া ,Ne India News