নলবাৰীত অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱট

0
809

NE INDIA: নলবাৰীত অনুষ্ঠিত হয় কংগ্ৰেছৰ এখন সংবাদমেল ৷ সংবাদমেলখন সম্বোধন কৰে নিখিল ভাৰত কংগ্ৰেছ কমিতিৰ সাধাৰণ সম্পাদক আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ তত্ত্বাৱধায়ক তথা উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জেষ্ঠ কংগ্ৰেছ নেতা হৰিশ ৰাৱটে ৷ সংবাদমেলখনত , অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ৰিপুণ বৰা , বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া,প্ৰাক্তন মুখ্যমন্ত্ৰী ড° ভুমিধৰ বৰ্মনৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃবৰ্গ উপস্থিত থাকে ৷ সংবাদমেলখনত ৰাফেল বিমান কেলেংকাৰীয়ে প্ৰধানকৈ স্থান পায় ৷ লগতে বিজয় মালিয়াই মোডী চৰকাৰৰ বুজাবুজিত বিদেশলৈ যোৱা বুলি অভিযোগ কৰে কংগ্ৰেছৰ জেষ্ঠ নেতা ৰাৱটে ৷ এই ক্ষেত্ৰত কেন্দ্ৰীয় অনুসন্ধান সংস্থা CBI ৰ ভূমিকাও সন্ধেহ জনক বুলি অভিযোগ কৰে ৰাৱটে ৷ উল্লেখ্য যে, দুদিনীয়া ভ্ৰমণ সূচীৰে ২২ ছেপ্তেম্বৰত নলবাৰীত উপস্থিত হোৱা উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱটে আজি নলবাৰীত এখন সংবাদমেল অনুষ্ঠিত কৰি মোডীৰ চৰকাৰৰ হিচাপ  বিচাৰে ৷

https://youtu.be/SCmCTvowQLY?t=16

পাৰ্থজিত বৰ্মন নলবাৰী NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here