Home Assamese নতুন সংসদভৱনত অশোক স্তম্ভৰ উন্মোচন প্ৰধানমন্ত্ৰীৰ

নতুন সংসদভৱনত অশোক স্তম্ভৰ উন্মোচন প্ৰধানমন্ত্ৰীৰ

66

নতুন সংসদভৱনত অশোক স্তম্ভৰ উন্মোচন প্ৰধানমন্ত্ৰীৰ

ৰাজধানী দিল্লীত নিৰ্মিয়মান নতুন সংসদ ভৱনত সোমবাৰে অশোক স্তম্ভৰ উন্মোচন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । নতুন সংসদ ভৱনৰ চাদত স্থাপিত আৰু আজি উন্মোচিত অশোক স্তম্ভটো ব্ৰঞ্জৰে নিৰ্মিত । অশোক স্তম্ভৰ উন্মোচনৰ পিচতে নতুন সংসদ ভৱনৰ নিৰ্মাণকাৰ্যত নিয়োজিত শ্ৰমিক তথা কৰ্মচাৰীৰে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে । সোমবাৰে নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰা অশোক স্তম্ভটোৰ উচ্চতা ৬-৫ মিটাৰ আৰু ইয়াৰ ওজন ৯ হাজাৰ ৫০০ গ্ৰাম ।


আজিৰ এই উন্মোচনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী আৰু লোকসভাৰ অধ্যক্ষ ওম বিড়লা ।

National Desk , Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here