নগাওঁ‌ জিলাত “কা” ৰ বিৰোধীতাত আত্মহত্যা 

0
384

নগাওঁ‌ জিলাত “কা” ৰ বিৰোধীতাত আত্মহত্যা 

 

গণৰাজ্য দিৱসত শ্বহীদ ঘোষণা দেশমাতৃৰ সন্তান ৰমেশ প্ৰজাপতিৰ । এই ঘোষণাটো ছচিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। নগাঁও জিলাৰ কামপুৰতেই “কামপুৰ খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চৰ” পৰা ঘোষিত কৰা হৈছে  জানিব পৰা মতে, প্ৰকৃততে এই লোকজন মধ্য প্ৰদেশৰ ইন্দোৰত তেওঁ নিজৰ ওপৰত তেল ঢালি জুইত আত্মবিসৰ্জন দিছিল । জানিবলৈ পোৱা মতে তেওঁ‌ৰ আত্মত্যাগৰ সিদ্ধান্তৰ কাৰণটো হৈছে, প্ৰজাপতিৰ কিছুমান বিশেষ গুৰুত্বপূৰ্ণ  ভুমিকাৰ স্বৰূপ। আচলতে তেওঁ এজন চি পি আই এম কৰ্মী আছিল । তেওঁৰ উদ্দেশ্য আছিল যে, কোনো কাৰণতে তেওঁ “কা” মানি নলব । কেৱল সেয়াই নহয় এটুকুৰা বগা কাগজত লিপিবদ্ধ কৰি থৈ গৈছে কা বিৰোধী কিছুমান  কথা ।
তেওঁ  লিখিছে যে, মুছলমানক বাদ দি বাকী পাঁচটা ধৰ্মৰ লোকৰ গণ বিদ্ৰোহ কেতিয়াওঁ‌ গ্ৰহণ যোগ্য নহয় । সেই বাবে  অসমৰ গণৰাজ্য দিৱসৰ দিনাই  তেওঁ নিজৰ আত্মবিসৰ্জনৰ সিদ্ধান্ত লয়। ভাৰতৰ সংবিধানৰ নতুন আইন “কা” বাতিলৰ সংগ্ৰামত প্ৰাণ  আহুতি দিয়া ৰমেশ প্ৰজাপতিৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্য অৰ্পন কৰি বীৰ শ্বহীদ অমৰ হওক, প্ৰজাপতি জিন্দাবাদ, BJP, RSS হুছিয়াৰ আদি শ্লোগানেৰে  কামপুৰ সংগ্ৰামী ঐক্যমঞ্চই হুংকাৰ প্ৰধান কৰে । 
অৰূপকান্তি শৰ্মা, হোজাই, NE India 

LEAVE A REPLY

Please enter your comment!
Please enter your name here