নগাঁৱত সাংবাদিকক দেখি পলাল ৰাজেন গোঁহাই

0
1240

 নগাঁৱত সাংবাদিকক দেখি পলাল কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাই । সাংবাদিকক দেখিয়েই পিঠি দি গাড়ীত উঠি  ততালিকে অনুষ্ঠানস্হলী ত্যাগ কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ গৰাকীয়ে । যৌন নিৰ্যাতনৰ গোচৰৰে বিতৰ্কিত হৈ পৰা কেন্দ্ৰীয় মন্ত্ৰী গৰাকী শনিবাৰে বহুদিনৰ বিৰতিৰ অন্তত নগাঁও প্ৰধান ডাকঘৰৰ *ইণ্ডিয়া প’ষ্ট পেমেণ্ট বেংক* ৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । উদ্ধোধনী অনুষ্ঠানৰ পিছতেই ৰাজেন গোঁহাইৰ কাষ চাপিছিল নগাঁৱৰ একাংশ সাংবাদিক । কিন্তু সাংবাদিকক দেখা পায়েই ততালিকে অনুষ্ঠানস্হলী ত্যাগ কৰি গাড়ীত উঠি পলায়ন কৰিলে কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী গৰাকীয়ে । যি ঘটনাই আমোদৰ খোৰাক যোগালে বহুতকে  ।

https://youtu.be/MrHACBG9LXk?t=51

আদিল শ্বাহ নগাঁও।

LEAVE A REPLY

Please enter your comment!
Please enter your name here