নগাঁৱত যুৱ কংগ্ৰেছে দাহ কৰিলে শক্তি মন্ত্ৰী তপন গগৈৰ পুত্তলিকা 

0
810

ৰূপহীহাটৰ উত্তৰ খাটোৱালৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ । শনিবাৰে সন্ধিয়াও নগাঁও সদৰ যুৱ কংগ্ৰেছ আৰু NSUI ৰ কৰ্মীসকলে চহৰখনৰ জয়শ্ৰী হল চাৰিআলিত শক্তি মন্ত্ৰী তপন গগৈৰ জুমুঠি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই এই ঘটনা  সংঘটিত হোৱাৰ বাবে বিভাগটোৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান প্ৰদান কৰি পৰিৱেশ উত্তাল কৰি তোলে । এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে শক্তি মন্ত্ৰী তপন গগৈক নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিবলৈকো দাবী উত্থাপন কৰে  ।

https://youtu.be/da-NfW-19e4?t=3

আদিল শ্বাহ ,নগাঁও,Ne india

LEAVE A REPLY

Please enter your comment!
Please enter your name here