নগাঁওতো উদযাপন বিশ্বকৰ্মা পূজা

0
771

NE INDIA: আজি দেৱশিল্পী বিশ্বকৰ্মা পূজা । ৰাজ্যজুৰি বিশ্ব খনিকৰক পূজা-অৰ্চনা কৰিছে ভক্তই । ঘৰত থকা সাধাৰণ চাইকেল খনৰ পৰা ডাঙৰ ডাঙৰ উদ্যোগৰ যন্ত্ৰসমূহক পূজা কৰা হয় আজিৰ এই দিনটোতে । ৰাজ্যৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী কাৰ্যালয় , প্ৰতিষ্ঠান আদিত আজি অনুষ্ঠিত হয় বিশ্বকৰ্মা পূজা।পূজা উপলক্ষে  সকলো অনুষ্ঠান-প্ৰতিষ্ঠান সুন্দৰকৈ সজাই-পৰাই তোলিছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁওতো  আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজাৰ। বিভিন্ন  ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ উপৰি যান-বাহনৰ গৰাকীসকলেও জাক-জমকতাৰে বিশ্বকৰ্মা পূজা উদযাপনৰ প্ৰস্তুতি চলাইছে।

আদিল শ্বাহ নগাঁও NE INDIA

LEAVE A REPLY

Please enter your comment!
Please enter your name here