Home Assamese ধৰ্মীয় পৰম্পৰাৰে বকো আৰু দিলিঙাত সুৱৰী উৎসৱ পালন

ধৰ্মীয় পৰম্পৰাৰে বকো আৰু দিলিঙাত সুৱৰী উৎসৱ পালন

147

বাপতি সাহোন বহাগ মাহৰ ৰঙালী বিহু আদৰাৰ প্ৰয়াসেৰে বিগত বছৰবোৰৰ দৰে এই বৰ্ষও কামৰূপ জিলাৰ বকোত আয়োজন কৰা হৈছে সুৱৰী উৎসৱৰ। বকো অঞ্চলৰ অন্যতম সমন্বয়ৰ স্থলী বকো আঞ্চলিক সুৱৰী উৎসৱ এই বেলি ১১০ সংখ্যক বৰ্ষৰ আৰু দিলিঙাত ২৩ সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰা হৈছে সুৱৰী।দুয়ো ঠাইতে অসমীয়া জাতিৰ হিয়াৰ আমঠু বহাগ মাহৰ ছয় তাৰিখে অৰ্থাৎ সাত বিহুৰ দিনা প্ৰতি বছৰে পালন কৰা হয়। বকোত সুৱৰী উৎসৱ উদযাপনৰ বাবে গঠন কৰা সুৱৰী উৎসৱ উদযাপন সমিতিৰ সভাপতি নীলকান্ত দাস ; কাৰ্য্যকৰী সভাপতি গিৰীন্দ্ৰ কুমাৰ চৌধুৰী ; উপ সভাপতি দেৱেন চন্দ্ৰ ৰাভা আৰু সম্পাদক জয়ন্ত চৌধুৰীয়ে জনোৱা মতে শতবৰ্ষ গৰকা তথা ধৰ্মীয় পৰম্পৰাৰে উদযাপন কৰা বকো আঞ্চলিক সুৱৰী উৎসৱত প্ৰতি বছৰে দক্ষিণ কামৰূপৰ ভিন্ন প্ৰান্তৰ জাতি – ধৰ্ম – ভাষা – বৰ্ণ নিৰ্বিশেষে যোগদান কৰাৰ লগতে থলুৱা কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটে। তেনেদৰে বকোৰ দিলিঙাত আয়োজন সুৱৰী উৎসৱ উদযাপন সমিতিৰ সভাপতি মাধৱ দাস আৰু সম্পাদক মুনিন্দ্ৰ দাসে জনোৱা মতে উৎসৱত ধৰ্মীয় পৰম্পৰা ; অসমীয়াৰ ঐতিহ্য ; ভিন্ন খেল ধেমালি ; বাৰেবৰণীয়া লোক নৃত্য আদিৰ উপৰিও লোকাচাৰ আৰু সামাজিক সমন্বয়ৰ প্ৰয়োভৰ ঘটোৱা হয়। ইফালে এই বেলিও সুৱৰী উৎসৱ পুৰ্বৰ পৰম্পৰা অনুসৰি সকলো যাৱতীয় কাৰ্য্যসূচী সম্পুৰ্ণ ৰূপায়ণ কৰা হয়। সুৱৰী উৎসৱত বৃহত্তৰ অঞ্চলটোৰ দেৱ দেৱীৰ মন্দিৰৰ গোহাঁই সমাৰোহ অনুষ্ঠিত হয়। বিহু তথা সুৱৰী উৎসৱৰ বিশেষ কাৰ্য্যসূচী জেষ্ঠ্যক সন্মান প্ৰদান কৰা এক মনোজ্ঞ পৰম্পৰা ৰক্ষা কৰা হয়।প্ৰকাশ্য যে ; বকো আঞ্চলিক সুৱৰী উৎসৱ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বকো উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া অৰ্ণৱ কুমাৰ বৰুৱাই আৰু দিলিঙাৰ সুৱৰী উৎসৱ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া খনীন্দ্ৰ চন্দ্ৰ নাথে। বকো আৰু দিলিঙাৰ সুৱৰী উৎসৱ এক সমন্বয়ৰ ক্ষেত্ৰ হিচাপে পৰিচিত হৈ আহিছে। বকোৰ সুৱৰী উৎসৱত অতিথি হিচাপে উপস্থিত থাকে বড়োলেণ্ডৰ বি টি আৰ ৰ মুখ্য সচিব নৰেন চন্দ্ৰ বসুমতাৰী ; কামৰূপ জিলা পৰিষদৰ উপ সভাপতি কাম্বু ৰাম ৰাভা ; ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ সুমিত ৰাভা ; নগৰবেৰা জিলা পৰিষদৰ সদস্যা হিমাদ্ৰী পাঠক সহ বহু সংখ্যক বিশিষ্ট অতিথি ; সমাজকৰ্মী।

মহিদুল ইছলাম, বকো, Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here