ধৰমতুলৰ পঞ্চায়তৰ আজৱ কাণ্ড ! নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ পথ

0
133

ধৰমতুলৰ পঞ্চায়তৰ আজৱ কাণ্ড ! নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ পথ

মৰিগাঁও জিলাৰ জাগীৰোড সমষ্টিৰ অন্তৰ্গত উত্তৰ ধৰমতুল গাওঁ পঞ্চায়তৰ উন্নয়ন এক নমুনা,কেইবামাহো যোৱাৰ পিছতো সম্পূৰ্ণ নহল এটা চি চি ব্লকৰ পথ।
মৰিগাঁও জিলাৰ গা তে লাগি থকা উত্তৰ ধৰমতুল পঞ্চায়তৰ কৰ্মকাণ্ডই বাৰে বাৰে জোকাৰি গৈছে সমগ্ৰ জিলাবাসিক ৷উক্ত পঞ্চায়তৰ অন্তৰ্গত বৰগাওঁ আৰু গোভালীগাৱঁৰ সংযোগ হোৱা চি চি ব্লকৰ যি পথ নিৰ্মান হৈছিল সেই পথটো আজি পযন্ত সম্পূণ হৈ নুঠিল৷
কেইবামাহ জোৰা নিৰ্মাণ কাৰ্য্য যেন এতিয়া গভীৰ নিদ্ৰাত ৷চৰকাৰী অধিনিয়ম অনুসৰি পথৰ কাম কৰা আগতে আচনিৰ সবিশেষ জনাই নামৰ ফলক ব্যৱহাৰ কৰিব লাগে যদিও উক্ত পথত নাই কোনো ফলকৰ ব্যৱস্থা ৷অতি নিম্ন মানৰ ব্লক ব্যৱহাৰে পথ নিৰ্মাণ কাৰ্য্য সম্পন্ন কৰিছে বুলি অভিযোগ গাৱবাসীৰ ৷
উল্লেখ যে উক্ত পথৰ শেষ সিমাতে থকা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰছাত্ৰী লৈ আহিছে বিপদৰ ভাবুকি,কাৰণ উক্ত পথৰ দুয়ো কাষত ব্যৱহাৰ কৰা নাই মাটিৰে নিৰ্মাণ কৰা পথৰ সুৰক্ষাৰ ব্যৱস্থা ৷

 

আয়ুব আলী,মৰিগাৱ,Ne India

LEAVE A REPLY

Please enter your comment!
Please enter your name here