Home Assamese ধেমাজি জিলাৰ চিমেন চাপৰিত সংগঠিত হ’ল এক জঘন্য ঘটনা

ধেমাজি জিলাৰ চিমেন চাপৰিত সংগঠিত হ’ল এক জঘন্য ঘটনা

54

ধেমাজি জিলাৰ চিমেন চাপৰিত সংগঠিত হ’ল এক জঘন্য ঘটনা

ধেমাজি জিলাৰ চিমেন চাপৰিত সংগঠিত হ’ল এক জঘন্য ঘটনা। নিজা বিদ্যালয়ৰ ছাত্ৰীক যৌন নিৰ্যাতন চলাই দুজন ৰঙা ঘৰলৈ।

ধেমাজি জিলাৰ চিমেন চাপৰি চিনিয়ৰ চেকেণ্ডাৰী স্কুলত এক লজ্জাজনক ঘটনা সংঘটিত হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ মতে চিমেন চাপৰি জ্যেষ্ঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক লম্বেশ্বৰ দলেৰ লগতে গাঁৱৰে যগদীশ পেগুৱে দীৰ্ঘদিনৰ পৰাই এগৰাকী ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতন চলাই আহিছিল। ৷
দ্বাদশ শ্ৰেণীৰ ছাত্ৰী গৰাকীক উচ্চ বৰ্গৰ সহায়ক লম্বেশ্বৰ দলে নামৰ কৰ্মচাৰী গৰাকীয়ে গাৱঁৰ যগদীশ পেগুৱে (৩৯) সৰল যুৱতী গৰাকীৰ ওপৰ চলাই আহিছিল অপকৰ্ম। অপকৰ্ম কৰি লম্পটে গৰ্ভাপাতো কৰাইছিল কেইবাবাৰো ৷ ঘটনাটো পোহৰলৈ অহাত আজি চিমেন চাপৰি আৰক্ষীয়ে দুয়োকে আটক কৰি ভাৰতীয় দণ্ডবিধিৰ আইনৰ 376/506/313/47 আৰু 6 OF POCSO Act,2012 অনুযায়ী 27/2022 নং গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰি জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷ ঘটনাটোৱে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বিপুল সোণোৱাল, চিলাপথাৰ, Ne India News

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here