ধুবুৰী জিলাৰ পৰা ডুবাইলৈ পোন প্ৰথমবাৰৰ বাবে কঁঠাল আৰু জলকীয়া ৰপ্তানি

68

ৰাজ্যত এক অভিনৱ পৰিবৰ্তন, ধুবুৰী জিলাৰ বিলাসীপাৰাৰ পৰা ১.৫ টন কঁঠাল আৰু ০.৫ টন জলকীয়া সুদূৰ ডুবাইলৈ প্ৰেৰণ কৰা হয়। অসমৰ এখন জিলাৰ পৰা পোনপটীয়াকৈ ডুবাইলৈ এনেদৰে কৃষিজাত সামগ্ৰী ৰপ্তানি কৰাটো পোন প্ৰথমবাৰৰ বাবে সম্ভৱ হৈছে ৷ এই কথা সদৰি কৰে ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। এই বৃহৎ সংখ্যক কৃষিজাত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰি মন্ত্রী গৰাকীয়ে আনন্দ অনুভব কৰিছে৷ লগতে, আগন্তুক দিনত এই কৃষিজাত সামগ্ৰী অধিক হাৰত ৰপ্তানি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here