Friday, March 24, 2023
HomeAssameseধলা-ডাঙৰীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ধলা-ডাঙৰীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ধলা-ডাঙৰীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ অন্তৰ্গত ডাঙৰীৰ দশম শ্ৰেণীৰ ছাত্ৰ কৌস্তৱ সোণোৱালক দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা গাড়ীৰ গৰাকীক শাস্তি প্ৰদান কৰাৰ দাবীত ধলা ডাঙৰীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী লগতে গাঁৱৰ সহস্ৰাধিক লোকে। ঘাইপথ অৱৰোধৰ ফলত শদিয়া হৈ অৰুণাচলত প্ৰৱেশ কৰা সকলো যান বাহন স্তব্ধ হৈ পৰিছে।

জানিবলৈ পোৱা মতে তিনিচুকীয়াৰ ডুমডুমা হৈ শদিয়া অভিমুখে গৈ থকা এখন Winger গাড়িয়ে
পথতে খুণ্ডিওৱাৰ বাবে থিতাতে মৃত্যু হয় কৌস্তৱ সোণোৱালৰ।
তালাপৰ ছেভেন চিষ্টাৰ নামৰ এখন ইংৰাজী মাধ্যমৰ দশম শ্ৰেণীৰ মেধাৱী ছাত্ৰ জনৰ ঘৰ ডাঙৰী সৰু ধাদুম গাওঁত আৰু ইয়াকে লৈ এতিয়া সমগ্ৰ অঞ্চল জুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে ।আবেলি পৰত ঘৰৰ পৰা টিউচন অহাৰ সময়ত ঘটে এই শোকাৱহ দুৰ্ঘটনাটো।।
ইতিমধ্যে দীৰ্ঘ সময় ধৰি অৱৰোধ হৈছে শদিয়া আৰু অৰুণাচল সংযোগী মুখ্য ৰাষ্ট্ৰীয় ঘাইপথ স্তব্ধ হৈ পৰিছে যাতায়ত। অৱৰোধ স্থলীত উপস্থিত হৈছে জিলা প্ৰশাসন লোক কিম্বা স্থানীয় তালাপ আৰক্ষী চকীৰ বিষয়া

ৰন্টু বৰশইকীয়া , তিনিচুকীয়া , Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments