চৰকাৰলৈ আৰু কিমান দিন বাট চাব ! চৰকাৰৰ ওপৰত যেন এতিয়া ভৰষা কৰাৰ সময় নাই । কাৰণ ব্ৰহ্মপূত্ৰৰ ভয়াৱহ খহনীয়াই প্ৰত্যেক বছৰেই সৰ্বহাৰা কৰি অহা ধলা-ছৈখোৱা অঞ্চলৰ ৰাইজে বাৰিষাৰ অহাৰ পূৰ্বৰে পৰা অনিন্দ্ৰাত দিন-ৰাতি পাৰ কৰিবলগীয়া হয় । সেইবাবে, এতিয়া ভগৱানেই তেওঁলোকৰ শেষ ভৰষা হৈ পৰিছে । ব্ৰহ্মপূত্ৰৰ খহনীয়া ৰোধ কৰিবলৈ বহু বছৰৰ পৰা এইসকল নৈ পৰীয়া ৰাইজে চৰকাৰক আবেদন-নিবেদন জনাই আহিছে যদিও এই সমস্যাৰ স্থায়ী সমাধান কৰাত চৰকাৰে কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা নাই । যাৰ বাবে তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ভিতৰুৱা তথা বান বিধ্বস্ত ২ নং কপাহতলি গাঁৱৰ সমূহ ৰাইজ একতৃত হৈ গাঁওখনত থকা হৰি আৰু শিৱ মন্দিৰ প্ৰাংঙ্গনত ৭ দিনীয়া কাৰ্যসূচীৰে শ্ৰীমদ্ ভাগৱত পুৰাণ সপ্তাহ জ্ঞান মহায়জ্ঞৰ আয়োজন কৰিছে । গাওঁখনৰ শ-শ পুৰুষ-মহিলা সকল একতৃত হৈ ব্ৰহ্মপূত্ৰৰ “কেনপাছ ঘাট”ৰ পৰা কলহত জল লৈ মন্দিৰলৈ লৈ যায় । শ্ৰীমদ্ ভাগৱত পুৰাণ সপ্তাহ জ্ঞান মহায়জ্ঞৰ আয়োজনক কেন্দ্ৰ কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলে সমিল-মিলেৰে বসবাস ২ নং কপাহতলি গাওঁ বৰ্তমান বৈকুণ্ঠ ধামলৈ পৰ্যবেশিত হৈ পৰিছে ।
তিনিচুকীয়াৰ পৰা ৰন্টু বৰশইকীয়া ৰিপ’ৰ্ট