Friday, March 24, 2023
HomeAssameseধলা আৰক্ষীৰ বৃহৎ সফলতা ! দ্ৰাগছ সহ আটক ৩ সৰবৰাহকাৰী

ধলা আৰক্ষীৰ বৃহৎ সফলতা ! দ্ৰাগছ সহ আটক ৩ সৰবৰাহকাৰী

ডুমডুমাৰ লাফাংকলা চাৰি আলিত ধলা আৰক্ষীয়ে কেইবালাখ টকাৰ ড্ৰাৰ্গছ সহ তিনিজনক গ্ৰেপ্তাৰ কৰে ৷ ধলা আৰক্ষী থানাৰ অন্তৰ্গত লাফাংকলা চাৰিআলিত তালাচী চলাই জব্দ কেইবালক্ষাধিক টকা মূল্যৰ ড্ৰাগছ ৷ শদিয়া আৰক্ষী জিলা প্ৰশাসনৰ অধীনত ধলা আৰক্ষী থানাৰ অন্তৰ্গত লাফাংকলা চাৰিআলিত নিশা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ কেইবালক্ষাধিক টকা মূল্যৰ নিষিদ্ধ হেৰইন ৷ জব্দ কৰা হেৰইন সহ তিনিজন সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে ৷ শদিয়া আৰক্ষী জিলা প্ৰশাসনৰ আৰক্ষী চক্ৰ পৰিদৰ্শক , ধলা আৰক্ষী থানাৰ এটা দল আৰু শদিয়া আৰক্ষীৰ কমাণ্ডোবাহিনীয়ে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই তিনিচুকীয়াৰ পৰা শদিয়ালৈ চলাচল কৰা ধৃতিস্মিতা নামৰ AS 23 CC 3177 নম্বৰৰ বাছ খন তালাচি কৰি জব্দ কৰে প্ৰায় তিনিলাখ টকা মূল্যৰ ছটা কন্টেনাৰ স’হ ৯৯.৬০ গ্ৰাম উজনৰ নিষিদ্ধ হেৰইন ৷ জব্দ কৰা হেৰইন সমূহ ডিমাপুৰৰ পৰা শদিয়া আৰু অৰুণাচল প্ৰদেশত বিক্ৰীৰ বাবে অনাৰ কথা সৰবৰাহকাৰীয়ে স্বীকাৰ কৰাৰ লগতে আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ ঘৰ শদিয়াৰ ক্ৰমে নিপুল বাইলুং ,ধৰ্মৰাজ কোঁৱৰ আৰু ৰঞ্জিত বসুমতাৰী বুলি জানিব পৰা গৈছে ৷

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments