পাটৱাৰী টি. ৰ সৌজন্যত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতি আৰু মাৰৱাড়ী সন্মিলন ডুমডুমাৰ সহযোগত ধলাৰ ওপৰ লাউপানী গাঁৱত বিনামূলীয়া মেগা চিকিৎসা শিৱিৰ সম্পন্ন হয় । ধলাৰ ওপৰ লাউপানী গাঁৱস্থিত জে. ডি. একাডেমীত আয়োজন কৰা এই বিনামূলীয়া মেগা চিকিৎসা শিৱিৰত ভিতৰুৱা অঞ্চলটোৰ বহুসংখ্যক ৰাইজে চিকিৎসা সেৱা গ্ৰহণ কৰে । গাঁৱৰ লোকসকলৰ মাজত চিকিৎসাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ উদ্দেশ্যৰে আয়োজন কৰা চিকিৎসা শিবিৰত কেইবাগৰাকীও অভিজ্ঞ চিকিৎসক উপস্থিত থাকি চিকিৎসা সেৱা প্ৰদান কৰে ।
ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া ,Ne India News