দৰঙৰ বন্যাৰ্তলৈ বিভিন্ন জনৰ সহায়ৰ হাত
এটুপি খোৱা পানীৰ বাবে হাহাঁকাৰ বানপিড়িত ৰাইজৰ ৷
সহায়ৰ হাত আগবঢ়াইছে বিভিন্ন জনৰ লগতে জ্ঞান বিকাশ একাডেমিয়ে ৷
বৃহত্তৰ হাজৰিকাপাৰা বাসী ৰাইজ ত্ৰাণকৰ্তাৰ ৰূপত অৱৰ্তীণ হৈছে ঠেকেৰাবাৰি বানপিড়িত বাবে ৷
মঙলদৈ সমষ্টিৰ ৰঙামাটি অঞ্চলত আজিও অবৰ্ণনীয় বানপানীৰ পৰিস্থিতি ৷
মঙলদৈ সমষ্টিৰ শাকতোলা নৈৰ চিগা মাঠাউৰিৰে ওলোৱা পানীয়ে ডুবাই ৰাখিছে বৃহত্তৰ ৰঙামাটি অঞ্চলৰ কেইবাখনো ৰাজহ গাওঁ ৷ এমুঠি অন্ন এটুপি পিয়াহৰ পানীৰ বাবে হাহাঁকাৰ কৰিবলগীয়া হৈছে অঞ্চল বাসীৰ ৷
তেনে সময়তে বৃহত্তৰ হাজৰিকাপাৰা বাসী ৰাইজ ত্ৰাণকৰ্তা ৰূপত অৱৰ্তীণ হৈছে ঠেকেৰাবাৰি বানপিড়িতৰ বাবে ৷ প্ৰায় এহেজাৰৰো অধিক বানপিড়িতৰ বাবে বিগত কেইবাদিনো ধৰি দুবেলাৰ দুসাঁজ অন্নৰ যোগান ধৰিছে হাজৰিকাপাৰা ৰাইজে ৷
তাৰ মাজতেই মঙলদৈৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠান জ্ঞান বিকাশ একাডেমিয়ে সহায়ৰ হাত আগবঢ়াইছে আৰ্তজনলৈ ৷
পংকজ সৰকাৰ , মঙলদৈ , Ne India News