দৰঙৰ দলগাঁওত নৃশংস হত্যাকাণ্ড
নিজ পিতৃয়ে হত্যা কৰিলে নিজৰ দুই ফুল কুমলীয়া শিশুক । তিনি বছৰীয়া ল’ৰা আৰু সাত বছৰীয়া ছোৱালীক পুখুৰীৰ পানীত পেলাই হত্যা কৰিলে পাশান পিতৃয়ে। এই হত্যা কাণ্ড সংঘটিত হৈছে দলগাঁওৰ ৰোহিনীকাশ গাঁওত । পাশান পিতৃ নজৰুল হকক গ্ৰেপ্তাৰ কৰিলে দলগাঁও আৰক্ষীয়ে। এই হত্যা কাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই । আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।

পংকজ চৰকাৰ, মঙ্গলদৈ, NE India