দৰঙৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰধান পৰিচালকক আটক ।
পৰিচালক হেমন্ত কুমাৰ তালুকদাৰক উৎকোচ লোৱা সময়তে হাতে লোতে ধৰা পৰে ।
প্ৰাঞ্জল নাথ ৰ অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই আটক কৰে ।
প্ৰাঞ্জল নাথে PMEGP ৰ আঁচনিৰ লোনৰ আবেদন কৰাৰ পিছত উৎকোচ হিচাবে ১৫ হাজাৰ টকা বিচাৰিছিল পৰিচালক গৰাকীয়ে ।
মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাক সহযোগিতা কৰে দৰং আৰক্ষীয়ে ।