ভাৰতীয় স্বাধীনতাৰ স্মৃতিত আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত চৰকাৰৰ ৯ টা মন্ত্ৰালয়/বিভাগৰ প্ৰায় ষোল্লখন আঁচনি/কাৰ্য্যক্ৰমৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। দৰঙতো হিমাচল প্ৰদেশৰ চিমলাৰ পৰা প্ৰধানমন্ত্ৰীৰ লাইভ ভাষণ মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত গৰীব কল্যান সন্মিলনত প্ৰদৰ্শন কৰা হয় য’ত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও এই উপলক্ষে ভাৰ্চুৱেল মোডৰ জৰিয়তে শিৱসাগৰৰ পৰা ৰাজ্যবাসীক সম্বোধন কৰে।
এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে PM KISAN ৰ ১১ সংখ্যক কিস্তিৰ মুঠ ২১ হাজাৰ কোটি টকা ১০ কোটিৰো অধিক কৃষকক মুকলি কৰি দিয়ে। দৰঙত PM KISAN ৰ অধীনত ৬৯ হাজাৰ কৃষকে তেওঁলোকৰ ১১ সংখ্যক কিস্তি লাভ কৰে ।
আজিৰ অনুষ্ঠানত মঙলদৈৰ সাংসদ দিলীপ শইকীয়া আৰু ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ৮ টা সফল বছৰ সম্পূৰ্ণ কৰা কেন্দ্ৰীয় চৰকাৰৰ সাফল্যৰ ওপৰত আলোকপাত কৰে । তেওঁলোকে কয় যে প্ৰধানমন্ত্ৰী মোডীয়ে উন্নয়নৰ প্ৰতিমূৰ্তি হৈ আহিছে আৰু সমাজৰ পিছপৰা শ্ৰেণীৰ লক্ষাধিক লোকক উদ্ভাৱনীমূলক উন্নয়ন আঁচনিৰে সহায় আগবঢ়াইছে।
পংকজ সৰকাৰ ,মঙ্গলদৈ , Ne India News