দৰং জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী

6

দৰং জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী

দৰং জিলা সাহিত্য সভাৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু সোণালী জয়ন্তীৰ শুভাৰম্ভনী ৷

দৰং জিলা সাহিত্য সভাৰ বৰ্ষযোৰা সোনালী জয়ন্তী উতসৱ উদযাপনৰ শুভাৰম্ভনী । সাহিত্য সভাৰ ৫০ খন পতাকা উত্তোলন কৰিলে জিলাখনৰ প্ৰাক্তন সভাপতি আৰু কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ৷ ১৯৭৩ চনত গঠন হোৱা দৰং জিলা সাহিত্য সভাই অহা ২১ জুলাইত ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান উদযাপন কৰে। মঙলদৈ সাহিত্য পৰিষদ ১৯৮২ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত দৰং জিলা সাহিত্য সভা নামেৰে পৰিচয় লাভ কৰিছিল।

শুভাৰম্ভনী অনুস্থানৰ মুকলি সভাত দৰং জিলা সাহিত্য প্ৰাক্তন সভাপতি সকলৰ লগতে অসম সাহিত্য সভাৰ উপসভানেত্ৰী মৃণালিনী দেৱী উপস্থিত থাকে ৷ বছৰযোৰা শোনালী জয়ন্তী বৰ্ষ উদযাপন অনুস্থানত দৰং জিলা সাহিত্য সভাৰ পত্ৰিকা উদ্বোধন কৰে প্ৰাক্তন সভাপতি ড° নগেন্দ্ৰ নাথ শৰ্মাই ৷ অনুস্থানৰ লগত সংগতি ৰাখি জিলাখনৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ৭ জন কৃৰ্তিমান ছাত্ৰছাত্ৰীক সম্বৰ্ধনা জনাই ৷

পংকজ সৰকাৰ, মঙলদৈ, Ne India News 

LEAVE A REPLY

Please enter your comment!
Please enter your name here