প্ৰধানমন্ত্ৰী আৱাস যোজনা আৱন্তনৰ নামত অনিয়ম ৷
চাহ-পানী খোৱাৰ নামত টকা নিদিয়াৰ বাবে ঘৰ আৱন্তন নিদিয়াৰ অভিযোগ ৷
দৰং জিলা ধুলা পঞ্চায়ত কৰ্মচাৰীৰ বিৰুদ্ধে এই অভিযোগ ৷
জিলা উপায়ুক্তক আবেদন দিওঁ পোৱানাই সু-উত্তৰ ৷
দূৰ্নীতিৰ বিৰোধে যেতিয়া অধিক কঠুৰ হৈছে হিমন্ত চৰকাৰে । সেই সময়ত একাক্ষ পঞ্চায়ত কৰ্মচাৰীয়ে বিচাৰে চাহ পানী খোৱাৰ খৰচ।
দৰং জিলা ধুলা পঞ্চায়ত কৰ্মচাৰীৰ বিৰুদ্ধে উৎথাপন হৈছে অনিয়মৰ অভিচোগ ৷ পঞ্চায়ত আচনিৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা বঞ্চিত পানীয়াখাত গাওঁৰ বিকলাংগ যুৱক আব্দুল হামিদ ৷
যুৱক জনৰ অভিযোগ অনুসৰি মাতৃ জুলভান বেৱাৰ নামত আৱন্তিত হৈছিল ঘৰতো ৷ আৱন্তন হোৱাৰ পাচতো পঞ্চায়ত কৰ্মচাৰী জনক চাহ খাবলৈ নিদিয়াৰ বাবেই তালিকাৰ পৰা বাদ পৰিল নামটো ৷
ধুলা পঞ্চায়ত আৰু পূৱ-মঙলদৈ খণ্ড উন্নয়ন বিষয়া কাৰ্য্যলয়ত শোধপোছ কৰি বিফল হোৱাত উপায়ুক্তৰ কাষ চাপিল যুৱক জন ৷ দৰংজিলা উপায়ুক্তই কি ব্যৱস্থা কৰে সেয়া সময়ত লক্ষণীয় হ’ব ৷