দৰং জিলাৰ বিভিন্ন অঞ্চলত চোৱাইন ফ্লুৰ আতংক
দৰং জিলাৰ বিভিন্ন অঞ্চলত চোৱাইন ফ্লুৰ আতংক।
জিলা খনৰ পাথৰিঘাট , কমাৰপাৰা আৰু গধীয়া পাৰাত গাহৰিৰ গাত পৰিলক্ষিত হৈছে চোৱাইন ফ্লু।বানপানীৰ পিছতেই দৰং জিলাৰ বিভিন্ন অঞ্চলত গাহৰিৰ গাত দেখা দিছে এই বিধ ৰোগে।
তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন।
মঙ্গলদৈৰ নিকটৱৰ্তী কমাৰপাৰাত প্ৰশাসনে একে দিনাই ১৫০ গাহৰি হত্যা কৰি পুতি পেলালে গাঁতত।
চিন্তিত জিলাখনৰ গাহৰি পালক সকল।
গাহৰিৰ গাত দেখা দিয়া এই বিধ ৰোগৰ বাবে মানুহ চিন্তিত হোৱাৰ কাৰণ নাই।
পংকজ সৰকাৰ, মঙ্গলদৈ, Ne India News