আম আদমি পাৰ্টীৰ দৰং জিলা সমিতিয়ে ক’ভিডৰ সময়ত হোৱা পিপিইকিট ক্ৰয়ৰ কেলেংকাৰিৰ সন্দৰ্ভত স্মাৰক পত্ৰ ।সমগ্ৰ অসমৰ লগতে আজি আম আদমি পাৰ্টীৰ দৰং জিলা সমিতিৰ নেতা কৰ্মীয়ে ক’ভিড সময়ত পিপিই কিট কেলেংকাৰিৰ বাবে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী কৰি দৰং জিলাৰ উন্নয়ন আয়ুক্ত শুভলক্ষ্মী ডেকাৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰে ।
এই কাৰ্যসূচীত আম আদমি পাৰ্টী দৰং জিলাৰ আহ্বায়ক ৰেজাউল হক,ছিপাঝাৰৰ আহ্বায়ক লক্ষেশ্বৰ বৰুৱা, সক্ৰিয় কৰ্মী অসীম কুমাৰ নাথ, ৰিংকু ডেকা উপস্থিত থাকে ।
পংকজ সৰকাৰ ,মঙ্গলদৈ , Ne India News