দ্বিতীয় বাৰৰ বাবে শিলচৰ বানপীড়িতৰ খবৰ ললে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই

13

দ্বিতীয় বাৰৰ বাবে শিলচৰ বানপীড়িতৰ খবৰ ললে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই

 

বিগত কেইবাদিনো ধৰি হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে সমগ্ৰ ৰাজ্যত। কাছাৰ জিলাত হোৱা ভয়ংকৰ বান পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে ৰবিবাৰে সপ্তাহটোত দ্বিতীয়বাৰৰ বাবে শিলচৰ বানপীড়িতৰ খবৰ ললে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এই উদ্দেশ্যত আজি এঘণ্টাৰো অধিক সময় ৰবৰ নাৱেৰে ৰঙিৰখাৰীত ৰাষ্ট্ৰীয় ঘাইপথ হৈ তাৰাপুৰ ভ্ৰমণ কৰে মুখ্যমন্ত্রী গৰাকীয়ে। আমাৰ চৰকাৰ জনতাৰ কাষত আছে, বানৰ ফলত দেখা দিয়া জনতাৰ দুখ কষ্ট লাঘৱ কৰাৰ বাবে প্ৰশাসনে অহৰহ প্ৰচেষ্টা চলাই আছে বুলি মন্ত্যব কৰিছে মুখ্যমন্ত্রী গৰাকীয়ে।

ৰবিবাৰে ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত আছিল কেবিনেটমন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ ডঃ ৰাজদ্বীপ ৰায়, বিধায়কদ্বয় দ্বীপাদয়ন চক্ৰৱৰ্তীৰ লগতে কৌশিক ৰায়।

News desk report , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here