Thursday, March 30, 2023
HomeAssameseদ্বিতীয়বাৰৰ বাবে কভিড পজিটিভ নিকি তাম্বোলি

দ্বিতীয়বাৰৰ বাবে কভিড পজিটিভ নিকি তাম্বোলি

দ্বিতীয়বাৰৰ বাবে কভিড পজিটিভ নিকি তাম্বোলি

 

সকলোৰে পৰিচিত বিগ বছ ১৪ ৰ বিজয়ী বলীউডৰ তাৰকা নিকি তাম্বোলি দ্বিতীয়বাৰৰ বাবে কোভিড-১৯ত আক্ৰান্ত হৈছে । সামাজিক মাধ্যমৰ পোষ্টত নিকি তাম্বোলিয়ে অনুৰাগীসকলক এই বিষয়ত অৱগত কৰিছে। ‘খতৰো কে খিলাড়ী ১১ৰ নিকি তাম্বোলিৰ সহকৰ্মী অভিনৱ শুক্লা আৰু বিশাল আদিত্য সিঙে তেওঁৰ দ্ৰুত আৰোগ্যৰ বাবে মন্তব্য আৰু প্ৰাৰ্থনা কৰিছে। ইয়াৰ আগতেও নিকি 2021 ত এবাৰ কোভিড-১৯ আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

নিকিয়ে ইনষ্টাগ্ৰামত টোকা লিখি অনুৰাগীসকলক এই তথ্য দিছে। “গুৰুতৰ লক্ষণৰ সৈতে নিকি কোভিড-১৯ ত পজিটিভ।
নিকিয়ে নিজকে সংৰক্ষণ কৰি ৰাখিছে , সকলো প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰি আছে। যিসকলে নিকিৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকক নিকিয়ে নম্ৰ ভাবে অনুৰোধ জনাইছে যে অতি সোনকালে তেওঁলোকে যিমান সম্ভৱ কভিড পৰীক্ষা কৰে। লগতে সকলোকে মাক্স পৰিধান, কোভিড প্ৰতকল মানিবলৈ অনুৰোধ জনাইছে নিকি তাম্বোলিয়ে।

News desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments