Saturday, March 25, 2023
HomeAssameseদেৱজিৎ পায়েঙৰ ন্যায়ৰ দাবীত তিনিচুকীয়াত সংবাদমেল

দেৱজিৎ পায়েঙৰ ন্যায়ৰ দাবীত তিনিচুকীয়াত সংবাদমেল

দেৱজিৎ পায়েঙৰ ন্যায়ৰ দাবীত তিনিচুকীয়াত সংবাদমেল

নিচামুক্তি কেন্দ্ৰত মৃত্যুবৰণ কৰা দেৱজিৎ পায়েঙৰ ন্যায়ৰ দাবীত তিনিচুকীয়াত ছাত্ৰ মুক্তি, TMPK, MMK সহ ১২ টাকৈ জাতীয়-জনগোষ্ঠীয় দল সংগঠনৰ সংবাদমেল। যোৱা ইং ১০ জুলাই, ২০২২ তাৰিখে মাৰ্ঘেৰিটাৰ নিউ লাইফ ফাউণ্ডেশ্যন নামৰ এটা নিচামুক্তি কেন্দ্ৰত দেৱজিৎ পায়েং নামৰ যুৱকজনৰ মৃত্যু ঘটে। উক্ত যুৱক জনৰ মৃত্যুক কেন্দ্ৰ কৰি বিগত সময়চোৱাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, TMPK, MMK, AAGSU আদি তিনিচুকীয়া জিলাৰ প্ৰায় ১২ টাকৈ জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে উচিত ন্যায়ৰ দাবীত বিভিন্ন ধৰণৰ আবেদন-নিবেদন, প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। তাৰ পাছতো ইয়াৰ ওপৰত প্ৰশাসন আৰু চৰকাৰে কোনো ধৰণৰ বিহীত ব্যৱস্থা গ্ৰহণ নকৰাত আজি পুনৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত উদয়পুৰ চাইনাকী গাঁৱৰ নিবাসী মৃত দেৱজিৎ পায়েঙৰ ন্যায়ৰ দাবীত তিনিচুকীয়া জিলাৰ ছাত্ৰ মুক্তি, TMPK, MMK, AAGSU, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে প্ৰায় ১২ টাকৈ সংগঠনে যৌথভাৱে এখন সংবাদমেল সম্বোধন কৰে।

সংবাদমেল সম্বোধন কৰি, প্ৰয়াত দেৱজিৎ পায়েঙৰ মৃত্যুৰ সৈতে জড়িত হোৱা নিউ লাইফ ফাউণ্ডেশ্যনৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম তদন্ত ব্যৱস্থা গ্ৰহণ কৰি প্ৰয়োজন সাপেক্ষে এই প্ৰতিষ্ঠানটো অনতিপলমে বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা, নিউ লাইফ ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰ ৰূপম গগৈক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা, প্ৰয়াত দেৱজিৎ পায়েঙৰ পত্নী আৰু ছোৱালীৰ বাবে ১০ (দহ) লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিয়াৰ লগতে ছোৱালীজনীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে পঢ়াৰ সুবিধাৰ ব্যৱস্থা গ্ৰহণ কৰা,
তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলত গঢ় লৈ উঠা বে-আইনী তথা কোনোধৰণৰ নথি-পত্ৰ নোহোৱাকৈ চলাই থকা নিচামুক্তি কেন্দ্ৰ সমূহ বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু নিচামুক্তি কেন্দ্ৰ সমূহৰ বাবে অসম চৰকাৰৰ নেতৃত্বত এখনি বিস্তৃত নীতিগত কঠোৰ নিয়মাৱলী আইন অনাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়। আনহাতে আগন্তুক ৭ দিনৰ ভিতৰত যদি উক্ত দাবী সমূহ প্ৰশাসন বা চৰকাৰে পূৰণ নকৰে তেনেহলে তাৰ পৰৱৰ্তী দিনৰ পৰা সমগ্ৰ তিনিচুকীয়া জিলাৰ ভিন্ন প্ৰান্তত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংবাদমেলৰ জৰিয়তে।

ৰন্টু বৰশইকীয়া, তিনিচুকীয়া, Ne India News

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments