দেশৰ ১৫ তম ৰাষ্ট্ৰপতি ৰুপে শপত ললে দ্ৰোপদী মুৰ্মুৱে

9

দেশৰ ১৫ তম ৰাষ্ট্ৰপতি ৰুপে শপত ললে দ্ৰোপদী মুৰ্মুৱে

আজি দেশৰ ১৫ তম ৰাষ্ট্ৰপতি ৰুপে শপত ললে দ্ৰোপদী মুৰ্মুৱে । ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু দেশৰ প্ৰথম গৰাকী আদিবাসী মহিলা ৰাষ্ট্ৰপতি আৰু স্বাধীন ভাৰতত অৰ্থাৎ ভাৰত স্বাধীন হোৱাৰ পিচত জন্মলাভ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি । সংসদ ভৱনত আজি ( ২৫ জুলাই ) অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুক সংবিধান আৰু গোপনীয়তাৰ শপত পাঠ কৰোৱাই উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়ধীশ এন বি ৰমণে ।
বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁ‌ৰ উত্তৰাধিকাৰী দ্ৰোপদী মুৰ্মুক ৰাষ্ট্ৰপতিৰ লিমোজিন বাহনেৰে ৰাষ্ট্ৰপতি ভৱনলৈ আনে । ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰীয় গান গায় নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিক আদৰণি জনায় ৰাষ্ট্ৰপতিৰ অংগৰক্ষক সকলে। ইয়াৰ পিচতে বিদায়ী ৰাষ্ট্ৰপতি কোবিন্দে নৱনিৰ্বাচিত দ্ৰোপদী মুৰ্মুক লৈ যায় সংসদ ভৱনলৈ । সংসদ ভৱনত উচ্চতম ন্যায়লয়ৰ মুখ্য ন্যায়ধীশে শপত বাক্য পাঠ কৰোৱাই নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুক ।

National Desk , Ne India News

LEAVE A REPLY

Please enter your comment!
Please enter your name here