দেশৰ চকীদাৰে সকলো চুৰি কৰি লৈ গ’লঃৰাহুল গান্ধী 

0
826
NATIONAL DESK NE INDIA:  কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে, শেহতীয়াকৈ দেশৰ কাৰ্যবাহী শাসক প্ৰধানমন্ত্ৰী পদটোৰ সম্পৰ্কত কৰিছিল বিতৰ্কিত মন্তব্য ৷ প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰি মন্তব্য কৰাটো ৰাহুল গান্ধীৰ কাৰণে নতুন কথা নহয় ৷কিন্তু ৰাফেল ডীল সম্পৰ্কত এইবাৰ কংগ্ৰেছৰ অধ্যক্ষজনে অনিল আম্বানী,প্ৰাক্তন ৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকৰকো সাঙুৰিলে৷
দিল্লীত অনুষ্ঠিত হোৱা এখন সভাত প্ৰাক্তন ৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকৰ সম্পৰ্কত কয় যে, ৰাফেল ডীলৰ চুক্তি সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীজনৰ অৱগত নোহোৱাতো সন্দেহ জনক ৷ অন্যহাতে ৰাফেল ডীল বিষয়টো উত্থাপন হোৱা সময়ত প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী পাৰিকৰে গোৱাৰ বজাৰত মাছ ক্ৰয় আছিল নেকি বুলিও প্ৰশ্ন কৰে কংগ্ৰেছৰ অধ্যক্ষজনে ৷ ইফালে উদ্যোগপতি অনিল আম্বানিকো কটাক্ষ কৰিবলৈ নাপাহৰিলে ৰাহুল গান্ধীয়ে ৷ প্ৰেছ সভাখনত গান্ধীয়ে কয় যে, ৰাফেল বিমানৰ চুক্তিৰ সন্দৰ্ভত ফান্সৰ লগত মতবিনিময় কৰাৰ  আগমুহুৰ্তত প্ৰায় ১২ দিন আগতে আম্বানীয়ে এটা কোম্পানী খুলি লৈছিল৷ যিটো সন্দেহজনক আখ্যা দিয়ে কংগ্ৰেছে ৷ সভা খনত লগতে ৰাহুল গান্ধীয়ে কয় যে কেন্দ্ৰীয় ৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমন,কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং সকলোৱে ৰাফেল ডীল সন্দৰ্ভত মন্তব্য দিছে যদিও, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৰহস্যজনক ভাৱে নিমাত ৷ ৰাফেল ডীল সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীৰ পৰা ৰাহুল গান্ধীয়ে স্পষ্টীকৰণ বিচাৰিছে ৷ উল্লেখ্য যে,প্ৰেছমীট খনত প্ৰধানমন্ত্ৰীৰ লগতে প্ৰধানমন্ত্ৰী পদটোক নীতিবৰ্হিভূত ভাৱে সমালোচনা কৰিবলৈ নাপাহৰিলে ৰাহুল গান্ধীয়ে ৷ দেশৰ প্ৰধানমন্ত্ৰী পদটোক চকীদাৰ আখ্যা দিয়াৰ লগতে প্ৰধানমন্ত্ৰীজনক চোৰ আখ্যা দিয়াতো কিমান গ্ৰহণযোগ্য সেয়া বিচায্যৰ বিষয় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here