দেশৰ অৰ্থনীতিত নতুন সংযোজন IPPB

0
825

NEWS DESK NE INDIA: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ইন্দিয়া পষ্ট পেমেন্ট বেংকৰ শুভ উদ্বোধন কৰিব ৷ইয়াৰ জৰিয়তে দেশৰ ডাকঘৰ সমুহৰ জনপ্ৰিয়তা বৃদ্ধি হোৱাৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰখনতো লাভাম্বিত হোৱাৰ লক্ষ্য আগত ৰাখি এই বেংক ব্যৱস্থা আৰম্ভ কৰা হৈছে  ৷এই বেংক ব্যৱস্থাৰ বিষয়ে এজন জ্যেষ্ঠ বিষয়াই এক বিশেষ সূত্ৰৰ আগত প্ৰকাশ কৰে যে IPPB ব্যৱস্থাৰ শুভ উদ্বোধনী অনুস্থান অনুষ্ঠিত হব শনিবাৰে দিল্লীৰ তালকটৰা ষ্টেডিয়ামত ৷এই বেংক ব্যৱস্থাই দেশৰ ৬৫০ টা শাখা আৰু ৩২৫০ টা সেৱা কেন্দ্ৰ সামৰি লব এ ৷তেওঁ আৰু কয় যে IPPB ৰ উদ্বোধন কেন্দ্ৰীয় চৰকাৰে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰ খনত পূৰ্ণ গতিত লাভাম্বিত হোৱাৰ লক্ষ্যৰে এই ব্যবস্থা আৰম্ভ কৰিছে ৷এই বেংক ব্যৱস্থা সাধাৰণ জনতাৰ কাৰণে সহজলভ্য আৰু বিশ্বাসযোগ্য বেংক ব্যৱস্থা হিচাপে স্থাপন কৰা হৈছে ৷ IPPB বেংক ব্যৱস্থা ভাৰত চৰকাৰৰ ১০০% সহযোগিতা আছে ৷ ডাক বিভাগৰ জৰিয়তে ভাৰতৰ ডাকঘৰ আৰু গ্ৰামীণ ডাক বিভাগ সমূহ লাভাম্বিত হব ৷দেশৰ ১.৫৫ লাখ ডাকঘৰক এই IPPB আচনিত অন্তভুৰ্ক্ত কৰা হব ৷IPPB এ নিজৰ পাছ বুক থকা গ্ৰাহকক পেমেন্ট বেংকৰ লগতে  ডাকঘৰ সমূহত পুৰণা একাউণ্ট থকা গ্ৰাহককো  বৰ্তমান ব্যৱহৃত পাছবুকৰ জৰিয়তে বেলেগ একাউণ্টলৈ টকা পঠিয়াব পাৰিব লগতে বিল পৰিশোধ কৰাৰো ব্যৱস্থা আছে ৷দেশৰ যি কোনো অঞ্চলত এই বেংকৰ এটিএম কাৰ্ড আৰু মাইক্ৰ এ এটি এম কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব ৷লগতে মোবাইল বেংকিং এপছ ,এছ এম এছ আৰু IBS ৰ দ্বৰে সুবিধাও এই সেৱাৰ জৰিয়তে লাভ কৰিব পাৰিব বুলি জনায় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here