Wednesday, May 24, 2023
HomeAssameseদেলেৰ মেহেন্দীক কাৰাদণ্ড ! কিয় জেললৈ যাবলগীয়া হল শিল্পীগৰাকী

দেলেৰ মেহেন্দীক কাৰাদণ্ড ! কিয় জেললৈ যাবলগীয়া হল শিল্পীগৰাকী

দেলেৰ মেহেন্দীক কাৰাদণ্ড ! কিয় জেললৈ যাবলগীয়া হল শিল্পীগৰাকী

পাঞ্জাৱৰ জনপ্ৰিয় কন্ঠশিল্পী দালেৰ সিং মেহেন্দিক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰাৰ ঘটনাই সমগ্র দেশত খলকনিৰ সৃষ্টি কৰিছে। বহুতৰে মনত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে কিয় গ্ৰেপ্তাৰ কৰা হ’ল দালেৰ মেহেন্দিক, আচল ঘটনাটো কি, আচলতে ২০০৩ চনত কি হৈছিল ইত্যাদি ইত্যাদি।
ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ কাৰণ ফাদিল হৈ পৰিছে। দিল্লীৰ অৰ্জুন নগৰত বাস কৰা এইগৰাকী কন্ঠশিল্পীৰ ওপৰত উত্থাপিত হৈছে অবৈধভাৱে মানৱ সৰবৰাহৰ অভিযোগ। দালেৰ মেহেন্দিয়ে অবৈধভাৱে বিদেশলৈ লৈ যোৱাৰ বিনিময়ত প্ৰতাৰণা কৰি মানুহৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। কন্ঠশিল্পী গৰাকীয়ে ২০০৩ চনৰ পূর্বৰ পৰাই এই ঘটনাৰ লগত জড়িত হৈ আছিল। পাটিয়ালাৰ বলবেৰা গাঁৱৰ বক্সীশ সিং নামৰ এজন ব্যক্তিয়ে ২০০৩ চনৰ ১৯ ছেপ্টেম্বৰত পাটিয়ালা আৰক্ষআৰক্ষী চকীত কৰা গোচৰৰ ভিত্তিত এই কথা ফাদিল হৈ পৰে। অভিযোগকাৰী বক্সীশ সিঙক কানাডালৈ লৈ যোৱাৰ বাবদ ১৩ লাখ টকা দাবী কৰিছিল দালেৰ মেহেন্দিয়ে। আৰু ১২ লাখ টকাত তেওঁলোকৰ চুক্তি হৈছিল। পৰৱর্তী পর্যায়ত পাছপোৰ্ট ঘূৰাই দিয়াৰ বাবে পুনৰ ৫ লাখ টকা দাবী কৰে কন্ঠশিল্পী গৰাকীয়ে। কিন্তু অভিযোগকাৰী বক্সীশ সিঙে মাত্র ১ লাখ টকাহে দিব পাৰিব বুলি জনাইছিল। উক্ত অভিযোগকাৰীজনক দালেৰ মেহেন্দিয়ে কানাডালৈ নিয়াত ব্যৰ্থ হৈছিল আৰু প্ৰতাৰণা কৰি লোৱা ধনো ঘূৰাই দিয়া নাছিল। শেষত অভিযোগকাৰী বক্সীশ সিঙক হত্যাৰ ভাবুকি দিছিল দালেৰ মেহেন্দিয়ে। অভিযোগকাৰী বক্সীশ সিঙে গোচৰত উল্লেখ কৰে যে দালেৰক টকা আদায় কৰিবৰ বাবে তেওঁ নিজৰ মাটি বিক্ৰি কৰিব লগা হোৱাৰ লগতে কেইবা পৰিমানৰ টকা ঋণ ল’ব লগাত পৰে। বক্সীশ সিঙৰ উপৰিও আন বহু কেইগৰাকী ব্যক্তিৰ পৰা বিদেশলৈ নিয়াৰ বাবদ ধন লৈ বিদেশলৈ লৈ যোৱাত ব্যৰ্থ হৈছিল দালেৰ মেহেন্দিয়ে। এইটোও অভিযোগ উঠিছে যে ২০০৩ চনৰ পূর্বে ১৯৯৮ আৰু ১৯৯৯ চনত দুটা দলক আমেৰিকালৈ লৈ যোৱা হৈছিল আৰু ১০ জন যুৱকক তাত অবৈধভাৱে এৰি অহা হৈছিল। আন ৩০ গৰাকী অভিযোগকাৰীয়ে দালেৰ মেহেন্দিৰ দ্বাৰা বিদেশলৈ পঠোৱাৰ অভিযোগ উত্থাপন কৰিছিল।
এই অভিযোগ সমূহৰ ভিত্তিত পাটিয়ালা আৰক্ষীয়ে কন্ঠশিল্পী গৰাকীৰ নতুন দিল্লীৰ কন্নট প্লেচ স্থিত কাৰ্যালয়ত তালাচী চলাই এই ঘটনাৰ লগত জড়িত ফাইল জব্দ কৰিবলৈ সক্ষম হ’য়।
এই ঘটনাৰ লগত জড়িত দালেৰ মেহেন্দিৰ লগতে তেওঁৰ ভাতৃ চামছেৰ সিং যি বৰ্তমান মৃত আৰু আন ৬ গৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে। ২০০৩ চনত পঞ্জীয়ন কৰা জালিয়াতৰ গোচৰৰ পাছতেই ২০১৮ চনৰ মার্চত দুবছৰৰ কাৰাদণ্ড বিহা হৈছিল অভিযুক্ত কন্ঠশিল্পী গৰাকীক।

Entertainment Desk, Ne India News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments