Thursday, May 25, 2023
HomeAssameseদুৱাৰমৰা চিংফৌ গাঁৱৰ বৌদ্ধ বিহাৰত তিনিদিনীয়াকৈ আয়োজন কৰা পয় চাংকেন উৎসৱৰ সামৰণি

দুৱাৰমৰা চিংফৌ গাঁৱৰ বৌদ্ধ বিহাৰত তিনিদিনীয়াকৈ আয়োজন কৰা পয় চাংকেন উৎসৱৰ সামৰণি

বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ পয় চাংকেন উৎসৱ দুৱাৰমৰা চিংফৌ গাঁৱতো তিনিদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগত ভাৱে উদযাপন কৰা হয় । এই উৎসৱত বৌদ্ধ বিহাৰত থকা থাপনাৰ পৰা বুদ্ধৰ মূৰ্তি সমূহ বাহিৰলৈ আনি এক নির্দিষ্ট স্থানত ৰাখি পানীৰে ধুৱাই, লগতে বৌদ্ধ বিহাৰৰ চৌহদ পানীৰে ধুই পৰিস্কাৰ কৰা হয় । পয় চাংকেন উৎসৱ উদ্‌যাপনৰ সময়ত শিশুৰ পৰা আবাল বৃদ্ধ বনিতা লৈকে সকলোৱে পৰম্পৰা অনুহৰি ইজনে-সিজনৰ গাত পানী ঢালি এই উৎসৱ উদ্‌যাপন কৰে । বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে এইদৰে বৌদ্ধ বিহাৰত মমবাতি, ধুপ জ্বলাই সেৱা কৰিলে মনোবাঞ্চা পুৰণ হোৱাৰ জনবিস্বাস আছে ।

ৰন্টু বৰশইকীয়া ,তিনিচুকীয়া, Ne India News

admin
adminhttps://www.neindianews.com
NE India News is a multilingual news web portal initiated by a dedicated group of journalists in India. Ne India publishes news on the latest coverage on National News, International News, Sports News, Entertainment News, etc. See less
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments