দুৰ্লভছৰাত মৃত্যুৰ ঘটনাক লৈ চাঞ্চল্য
কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী থানাৰ অন্তর্গত দুর্লভছৰা শুকুৰবাৰে সংঘটিত হৈছিল এক মর্মান্তিক ঘটনা । চাহ বাগান অঞ্চলত সংঘটিত ঘটনাটোক কেন্দ্র কৰি গোটেই অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। দুর্ঘটনা নে হত্যা এই বিষয়ে জোৰ চর্চা চলিছে অঞ্চলজুৰি।
প্ৰীতিবাস দাসৰ লগত কি হৈছিল শুক্রবাৰ ৰাতি ? প্রতিবাস দাসৰ লগত হোৱা দুৰ্ঘটনাৰ খবৰ কোনে জনালে পৰিয়াল বৰ্গক? প্রাপ্ত খবৰ পৰা জনা যায় যে, দুর্লভছড়া চা-বাগানৰ কর্মৰত এক কর্মী প্ৰীতিবাস দাসৰ মৃত্যুক কেন্দ্ৰ কৰি পৰিয়ালবর্গ সহ সমগ্ৰ অঞ্চল জুড়ি চাঞ্চল্য বিৰাজমান । পৰিয়াল তথা স্থানীয় সুত্ৰৰ তথ্য অনুসৰি , মৃত প্ৰীতিবাস দাসৰ লগত কেতিয়াও কোনো লোকেৰে মনোমানল্য হোৱা নাছিল। মৃত প্ৰীতিবাস পৰোপকাৰী লোক আছিল। প্ৰীতিবাস কর্মসূত্রে দুর্লভছৰা চাহ-বাগানৰ কৰ্মৰত আছিল ।
প্রীতিবাস দাসৰ মৃত্যুক সাধাৰণ ভাবে লব পৰা নাই তেওঁৰ পৰিয়ালবৰ্গৰ লগতে অঞ্চলটোৰ সাধাৰণ মানুহে। পৰিয়ালবৰ্গ তথা স্থানীয় বাসিন্দাই সন্দেহ কৰিছে, প্রীতিবাস দাসক সুপৰিকল্পিত ভাবে হত্যা কৰা হৈছে।
শনিবাৰে ৰামকৃষ্ণনগৰ প্রাথমিক স্বাস্থ্য কেন্দ্রত ৰখা হৈছিল প্রীতিবাস দাসৰ মৃতদেহ । দাসৰ মৃত্যুৰ তদন্তৰ বাবে শনিবাৰে ৰাতাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিযয়া উত্তম অধিকাৰীৰ লগতে ৰামকৃষ্ণনগৰ থানাৰ বিযয়া সতিশ প্রসাদ গুপ্তা উপস্থিত হয় চিকিৎসালয় খনত। আৰক্ষীয়ে মৃতদেহ মৰনোত্বৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ চিভিল হাচপিতলৈ প্রেৰণ কৰে।
পৰিয়ালৰ দাবী, আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ গুৰুত্বসহকাৰে তদন্ত কৰক , লগতে দোষীক আইনৰ শাস্তি প্রদান কৰক।
হীৰক বণিক, ৰামকৃষ্ণ নগৰ, Ne India News