দুৰ্নীতিৰ অভিযোগৰ ষ্পষ্টীকৰণ দিলে ভৈৰৱনগৰ গাঃ পঞ্চায়তৰ সভাপতিয়ে

10

দুৰ্নীতিৰ অভিযোগৰ ষ্পষ্টীকৰণ দিলে ভৈৰৱনগৰ গাঃ পঞ্চায়তৰ সভাপতিয়ে

ৰামকৃষ্ণনগৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্রী অনুপমা দাসে দুৰ্নীতি অভিযোগ উত্থাপন কৰিছিল ভৈৰৱ নগৰ গাওঁ‌ পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে । বন্যাৰ্তৰ সামগ্ৰী আৱন্টনত দুর্নীতিৰ সংঘটিত কৰা এই অভিযোগক সম্পূর্ণ মিছা বুলি খন্ডন কৰিলে ভৈৰৱ নগৰ গাওঁ‌ পঞ্চায়তৰ সভাপতি শশাংক শেখৰ দাসে । এক সাংবাদিক মেলৰ জৰিয়তে স্পষ্টিকৰণ প্ৰকাশ কৰিলে ভৈৰৱনগৰ গাওঁ‌ পঞ্চায়তৰ সভাপতি শশাঙ্ক শেখৰ দাসে। আঞ্চলিক পঞ্চায়ত সভানেত্রী অনুপমা দাসক প্ৰত্যাহ্বান জনাই ভৈৰৱ নগৰ গাওঁ‌ পঞ্চায়তৰ সভাপতি গৰাকীয়ে ! সভাপতি শশাংক শেখৰ দাসে কয় , তেওঁ‌ৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ উপযুক্ত প্রমাণ দিব পাৰে তেন্তে তেওঁ‌ৰ ওপৰত আইনগত যি ব্যৱস্থা গ্ৰহণ কৰা হব তেওঁ‌ সেয়া মানি লব।


 হীৰক বণিক, কৰিমগঞ্জ, Ne India News

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here