দুৰ্ঘটনাৰ পৰা কথামপি ৰক্ষা স্পাইচ জেটৰ বিমান
পাটনা বিমানবন্দৰত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথামপি ৰক্ষা পৰিল স্পাইচ জেটৰ এখন বিমান । জৰুৰী ভাৱে অৱতৰণ পাটনা বিমানবন্দৰত ।
পাটনাৰ জয়প্ৰকাশ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ১২ বাজি ৪০ মিনিটত দিল্লীলৈ উৰা মৰা বিমানখনৰ এখন পাংখাত জুই লাগি উঠে । বিমানবন্দৰৰ অন্য লোক সকলে এই দৃশ্য প্ৰত্যক্ষ কৰা পিচতেই বিমানখনক জৰুৰীকালীন অৱতৰণ কৰা নিৰ্দেশ দিয়ে ATC য়ে ।
বিমানখনত ১৮৫ গৰাকী যাত্ৰী আছিল । প্ৰাপ্ত খবৰ অনুসৰি বিমানখনৰ সকলো যাত্ৰী বৰ্তমান সুৰক্ষিত অৱস্থাত আছে ।
পাটনাৰ ডিষ্টিক্ট মেজিজট্ৰেট চন্দ্ৰশেখৰ সিঙে প্ৰকাশ কৰা অনুসৰি , বিমানখনত থকা কাৰিকৰী বিজুতিৰ বাবে দুৰ্ঘটনা সংঘটিত হল । এক উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে ডিষ্ট্ৰিক্ট মেজিজট্ৰেটে ।
National Desk , Ne India News