পৃথিৱীৰ অভিমুখে আহি আছে এক বিশাল গ্ৰহাণু
দুৰন্ত গতিৰে পৃথিৱী অভিমুখে ধাৱমান হৈ আছে এটি বিশাল আকৃতিৰ গ্ৰহাণু।দেওবাৰ অৰ্থাৎ ২৯ নৱেম্বৰৰ দিনা পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব।মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰকাশ কৰা তথ্য অনুসৰি গ্ৰহাণুটোৱে ঘণ্টাত ৫৬ হাজাৰ কিলোমিটাৰ গতিবেগেৰে পৃথিৱীৰ দিশে আহি আছে।এই গ্ৰহাণুটোৰ নাম হৈছে 153201 2000 WO107।
নাছাৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা তথ্য অনুসৰি গ্ৰহাণুটোৱে পৃথিৱীত খুন্দা মৰাৰ সম্ভাৱনা তেনেই ক্ষীণ।পৃথিৱীৰ পৰা ৪ লাখ ৫ হাজাৰ ৭৭৫ কিলোমিটাৰ নিলগেৰে গ্ৰহাণুটো পাৰ হৈ যাব বুলি নাছাই প্ৰকাশ কৰিছে।
২০০০ চনৰ ২৯ নৱেম্বৰৰ দিনা নিউ মেক্সিকোৰ এদল বিজ্ঞানীয়ে এই বৃহদাকাৰ গ্ৰহাণুটো আবিষ্কাৰ কৰিছিল।আকাৰত বিশাল হোৱাৰ বাবেই বিজ্ঞানীসকলে গ্ৰহাণুটোৰ ওপৰত চকু ৰাখি আহিছে।
News Desk,Ne India